• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Raw Over Racist Comment ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত পুনৰ অসমীয়াকলৈ বৰ্ণবৈষম্যমূলক মন্তব্য; মুখ্যমন্ত্ৰীৰো প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 12:19 pm
Reality TV show racism controversy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Raw Over Racist Comment কালাৰ্ছ টিভিত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ ‘ডেন্স দিৱানে’ ত একংৰ ৰাঘৱ জুৱালে কৰা বৰ্ণবৈষম্যমূলক মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। আনকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৰিয়েলিটি শ্ব’টোৰ এংকৰ তথা নৃত্যশিল্পী ৰাঘৱ জুৱালে অসমীয়াক অপমান কৰাৰ অবিযোগত ইতিমধ্যে ছচিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাঘৱে শ্ব’টোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিভাশালী নৃত্যশিল্পী গুঞ্জন সিনহাক চাইনীজ বুলি কোৱাৰ পাছতেই বিতৰ্কৰ সূত্ৰপাত হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকক সততে চাইনীজ বুলি উপলুঙা কৰাৰ দীৰ্ঘদিনীয়া অভিযোগক পুনৰ উদঙাই দি এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত একংৰ গৰাকীৰ মন্তব্যক সহজভাৱে ল’ব পৰা নাই বিভিন্নজনে।

বিষয়টো পোহৰলৈ অহাৰ পাছৰে পৰা ছচিয়েল মিডিয়াত বিভিন্নজনে এই বিষয়ত সজোৰে প্ৰতিবাদ কৰাৰ লগতে তীব্ৰ ক্ষোভ উজাৰিছে।

It has come to my notice that a popular reality show host has used racist rhetoric against a young participant from Guwahati. This is shameful and totally unacceptable. Racism has no place in our country and we should all condem it unequivocally.

— Himanta Biswa Sarma (@himantabiswa) November 16, 2021

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে সামাজিক মাধ্যম টুইটাৰত বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আকৌ এবাৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ প্ৰতি দেশৰ মুলসুঁতিৰ লোকৰ ধাৰাণাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ছচিয়েল মিডিয়াত তুমুল বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে যে জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ এংকৰে গুৱাহাটীৰ এগৰাকী তৰুণ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে বৰ্ণবৈষম্যমূলক ভাষা ব্যৱহাৰ কৰিছে। এইটো লজ্জাজনক আৰু কোনোমতে গ্ৰহণযোগ্য নহয়। আমাৰ দেশত বৰ্ণবৈষম্যৰ কোনো স্থান নাই আৰু আমি সকলোৱে ইয়াক গৰিহনা দিয়া উচিত।

আনহাতে, বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগেও। টুইটাৰত তেওঁ কয় যে অসম আন ৰাজ্যৰ দৰেই ভাৰতৰ অংগ। ইয়াৰ লোকসকলক ঘৃণা নকৰিব কিন্তু এই তুলনাবোৰ বন্ধ কৰিব লাগে। 

 

Assam is very much in India as any other state. No hate to this man but these comparisons need to stop. Jai Hind. Joi Axom. 🇮🇳 https://t.co/pbgZRp2kCb

— Riyan Parag (@ParagRiyan) November 15, 2021

ইপিনে, এই বিতৰ্কৰ পাছতে জনপ্ৰিয় এংকৰ ৰাঘৱ জুৱালে তেওঁৰ স্পষ্টীকৰণ দি এয়া এক নিৰ্দোষ ধেমালি আছিল বুলি মন্তব্য কৰে। তেওঁ কয় যে তেওঁ অসমীয়াক লৈ ঠাট্টা কৰা নাছিল আৰু অসমৰ লোকসকলে তেওঁক ভুল বুজিছে।

উল্লেখ্য যে শ্ব’টো চলি থকাৰ সময়ত গুঞ্জনে চাইনীজ ভাষা জনা বুলি সদৰী কৰিছিল। তাৰেই আলম লৈ এংকৰ গৰাকীয়ে মাজে মাজে গুঞ্জনক লৈ ধেমালি কৰিছিল। কিন্তু ৰাঘৱৰ চাইনীজ মন্তব্যই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক দীৰ্ঘদিনে কৰি অহা বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে পুনৰ সৰৱ হ’বলৈ বাধ্য কৰিলে।

ৰিয়েলিটি শ্ব’টোৰ এংকৰ ৰাঘৱে বিতৰ্কটো সম্পৰ্কত যিয়েই স্পষ্টীকৰণ নিদিয়ক কিয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক বাৰে বাৰে বৈষম্যমূলক মন্তব্যৰে জোকাই নল’বলৈ আকৌ এবাৰ সকলোৱে সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd