• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2025 12:46 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইভৰি কোষ্টত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন ফাৰ্ষ্ট লেডী ছিমিয়নে বাগবোৱে। ‘লৌহ মানৱী’ (আইৰন লেডী) নামেৰে পৰিচিত এই ৭৬ বছৰীয়া বিতৰ্কিত মহিলা নেত্ৰীগৰাকীয়ে এবাৰ প্ৰাক্তন স্বামীৰ সৈতে পলায়ন কৰি  বাংকাৰত আশ্ৰয় লৈছিল। জেলো খাটিবলগীয়া হৈছিল।

এই সকলোবোৰৰ পিছতো তেওঁৰ স্বামীৰ সৈতে বিচ্ছেদ ঘটে। বিচ্ছেদৰ পিছত তেওঁ নতুন দল গঠন কৰে। আগন্তুক ২৫ অক্টোবৰৰ নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি আলাছানে অউয়াটাৰাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে ছিমিয়নেক।

Apply Now

২০০০ চনৰ পৰা ২০১১ চনলৈকে ছিমিওনে বাগবোৰ প্ৰাক্তন স্বামী লৰেণ্ট বাগবো ৰাষ্ট্ৰপতি আছিল। তেতিয়াৰ পৰাই ছিমিয়নে কঠোৰ ব্যক্তিত্বৰ বাবে ‘আইৰন লেডী’ নামেৰে পৰিচিত হৈ আহিছে। যদিও তেওঁৰ সমৰ্থকসকলে তেওঁক ‘দয়ালু’ বুলি কয়, আন কিছুমানে তেওঁক ভয়ংকৰ কৰ্তৃত্বৰ প্ৰতীক বুলি গণ্য কৰে।

ছিমিয়নে সত্তৰৰ দশকত শিক্ষকতা কৰিছিল। ইতিহাস আৰু ভাষাবিজ্ঞানৰ ডিগ্ৰীধাৰী এইগৰাকী মহিলাই দেশৰ শ্ৰমিক আন্দোলনত সক্ৰিয় আছিল। তেনেকৈয়ে তেওঁ লৰেণ্টক লগ পাইছিল। তেতিয়াৰ ৰাষ্ট্ৰপতি ফেলিক্স হাউফ’ৱেট-বয়নিৰ একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত তেওঁলোকক কেইবাবাৰো কাৰাগাৰত ভৰোৱা হৈছিল।

১৯৮২ চনত ছিমিয়নে আৰু লৰেণ্ট বাগবোৱে আইভৰিয়ান পপুলাৰ ফ্ৰণ্ট (এফ পি আই) নামৰ এটা দল গঠন কৰে। ২০০০ চনত যেতিয়া লৰেণ্ট বাগবো ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, তেতিয়া ছিমিয়নে ৰাষ্ট্ৰ ক্ষমতাৰ অদৃশ্য নিয়ন্ত্ৰক হৈ পৰে।

বাগবো দম্পতীৰ শাসন কালত দেশত বিভাজনৰ সৃষ্টি হ’বলৈ ধৰে। গৃহযুদ্ধ আৰম্ভ হয়। ছিমিয়নেৰ প্ৰভাৱ সকলোতে স্পষ্ট আছিল – বিদ্ৰোহীক দমন কৰা, নিৰ্বাচনী প্ৰৱঞ্চনা, বিৰোধীক দমন কৰা আদি। লৰেণ্ট বাগবোৱে ক্ষমতা দখল কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল। বিভিন্ন অজুহাতত নিৰ্বাচন স্থগিত ৰখাৰ পিছত ২০১০ চনত তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰে। যেতিয়া তেওঁ পৰাজিত হৈও ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিলে, তেতিয়াই এক ভয়ানক সংঘাত আৰম্ভ হয়। তাত তিনি হাজাৰ লোকে প্ৰাণ হেৰুৱায়।

যেতিয়া অউয়াটাৰাৰ সমৰ্থকে ৰাষ্ট্ৰপতি ভৱন ঘেৰি ধৰিলে, তেতিয়া ছিমিয়নে স্বামীৰ সৈতে বাংকাৰত আশ্ৰয় লয়। তাৰ পৰাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। পিছত ছিমিয়নেক ২০ বছৰৰ কাৰাদণ্ড বিহা হয়। কিন্তু ২০১৩ চনত ৰাষ্ট্ৰপতি অউয়াটাৰাই তেওঁক জাতীয় ঐক্যৰ স্বাৰ্থত সাধাৰণ ক্ষমা প্ৰদান কৰে।

২০১২ চনত বাগবো দম্পতীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে গৃহযুদ্ধৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল। যদিও ছিমিয়নেৰ বিৰুদ্ধে থকা অভিযোগ উঠাই লোৱা হৈছিল, তথাপিও লৰেন্টে নেদাৰলেণ্ডৰ হেগৰ এই আদালতৰ জিম্মাত সাত বছৰ কটাবলগীয়া হৈছিল। ২০২১ চনত লৰেন্টে দেশলৈ উভতি অহাৰ লগে লগে ছিমিয়নৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কথা ঘোষণা কৰে।

বিচ্ছেদৰ পিছতো ছিমিয়নে হাৰ নামানিলে। নিজাকৈ ৰাজনৈতিক দল গঠনৰ কাম আৰম্ভ কৰিলে। প্ৰাক্তন স্বামীৰ দল এফ পি আইৰ পৰা বিচ্ছিন্ন হৈ মুভমেণ্ট অৱ কেপেবল জেনেৰেচনছ (এম জি চি) নামৰ এটা নতুন দল গঠন কৰে। এইবাৰ সেই দলৰ পৰাই তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

অৱশ্যে তেওঁক যিহেতু অপৰাধমূলক গোচৰত দোষী সাব্যস্ত কৰা হৈছে, সেয়েহে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব লৰেন্ট বাগবোৱে। অনুমান কৰা হৈছে যে ছিমিয়নে তেওঁৰ প্ৰাক্তন স্বামীৰ সমৰ্থকৰ ভোটৰ এক বৃহৎ অংশ লাভ কৰিব পাৰে। যদিহে তেওঁ জয়ী হয় তেন্তে তেওঁ হ’ব আইভৰি কোষ্টৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd