NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ আঙুলিত অগপৰ পুতলা নাচ

May 11, 2019 7:56 pm · অনিৰ্বাণ পাঠক
Updated: May 11, 2019 8:10 pm
পুতলা নাচৰ ছবি। সৌজন্য-- Wikipedia।

নাটকৰ দৰে দৃশ্যৰ সঘন পৰিৱৰ্তন ঘটি থকা অগপত কংগ্ৰেছৰ আঙুলিত নাচি আছে বহু “বিদ্ৰোহী” নেতাই।

অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ কথাই দিছে এই ইংগিত।

“যিসকলে বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰিছে তেওঁলোকৰ নেপথ্যত কংগ্ৰেছ আছে। মই সৰহসংখ্যকৰ কথা জানো। যিকলৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰ কথা আমি প্ৰমাণ পাইছো,” নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ প্ৰশ্নত বিজেপিৰে মিত্ৰতা ভাঙি মাত্ৰ কেইমাহমানৰ বিৰতিত পুনৰ জোঁটবদ্ধ হোৱাক লৈ গৃহকন্দল জৰ্জৰিত “অগপ”ৰ সিদ্ধান্তৰ সমৰ্থনত মন্তব্য কলিতাৰ।

আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক তথা অসমৰ বাহিৰত দলটোৰ একমাত্ৰ মুখ, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত স্পষ্টভাৱে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল।

লগতে পঢ়ক– প্ৰফুল্ল মহন্ত অভিমুখে অগপৰ “ব্যৱস্থা”

বিতৰ্কিত বিধেয়কখন গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্পধাৰী গেৰুৱা দলৰ সৈতে মিত্ৰতাৰ বিৰোধিতাত কেইবাজনো নেতাক ইতিমধ্যে দলটোৱে বহিষ্কাৰ কৰিছে। আনকি কেইবাখনো আঞ্চলিক সমিতিক কাৰণ দৰ্শোৱাৰ জাননী দিব লগা হৈছে।

কিন্তু কথা হ’ল, আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক তথা অসমৰ বাহিৰত দলটোৰ একমাত্ৰ মুখ, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তও “কংগ্ৰেছী” নেকি? মহন্ত স্পষ্টভাৱে শেহতীয়া নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল। বিধেয়ক-বিৰোধিতাক নিৰ্বাচনৰ “বিষয়”ৰূপে ল’বলৈ আহ্বান জনায় মহন্তই নিজে ভোট দিয়াৰ পৰা বিৰত আছিল।

“প্ৰফুল্ল কুমাৰ মহন্তৰ কংগ্ৰেছৰ লগত সম্পৰ্ক আছে নে নাই মই সেই কথাটো নাজানো। মহন্ত ডাঙৰীয়াৰ কথাটোত এতিয়ালৈ সিদ্ধান্ত লোৱা নাই। এই বিষয়টো লৈ দলৰ মজিয়াত আমাৰ আলোচনা হ’ব। যদি তেনে কোনো তথ্য পোৱা যায় তেনেহ’লে ব্যৱস্থা গ্ৰহণ হ’ব,” কলিতাই জনায়।

বিধেয়ক বিষয়টোৰ এতিয়াও কোনো সমাধান সূত্ৰ ওলোৱা নাই।

অগপই বিধেয়ক বিৰোধিতাৰে এসময়ত অসমজুৰি “শংখ”ত ফুঁ দিয়াৰ বিপৰীতে বিধেয়ক গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্প ঘোষণাৰে বিজেপি এই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Related News