চীনৰ অন্ধবিশ্বাসৰ ভেটিত গঢ় লৈ উঠিছে আফ্ৰিকাত সিংহৰ হাড়ৰ বৃহৎ বজাৰ

চীনলৈ ৰপ্তানি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে ৪০টা সিংহৰ কংকাল

DrvKEjaU0AE15wB (1)

চীনৰ হাজাৰ বছৰীয়া পৰম্পৰাগত ঔষধ ঘাইকৈ বৌদ্ধ আৰু তাও মতবাদত বিশ্বাসী দাৰ্শনিক মতবাদৰ ওপৰত প্ৰতিষ্ঠিত। এই ঔষধত বাঘ, সিংহ, গঁড়, কস্তুৰী পহু, ম’হ আদি প্ৰাণীৰ শৰীৰৰ অংশ ব্যৱহাৰ কৰা হয়।

বাঘ, সিংহ আদি প্ৰাণীৰ দৈহিক শক্তিৰ প্ৰাচুৰ্যৰ বাবে সিঁহতৰ দেহৰ অংগৰ পৰা ঔষধ প্ৰস্তুত কৰাৰ এটা পৰম্পৰা চীনত গঢ় লৈ উঠিছে। অৰ্থনৈতিকভাৱে পাছ পৰা দেশ দক্ষিণ আফ্ৰিকাত চীনৰ প্ৰয়োজন পূৰণ কৰাৰ বাবে গঢ়ি তোলা হৈছে সিংহৰ ফাৰ্ম। এই ফাৰ্মসমূহত কেবল প্ৰমোদ চিকাৰ (trophy hunting) আৰু সিংহৰ অংগ প্ৰত্যংগৰ ব্যৱসায়ৰ বাবে সিংহ পালন কৰা হৈছে।

শেহতীয়াভাৱে দক্ষিণ আফ্ৰিকাই চীনলৈ ৰপ্তানি কৰাৰ বাবে সিংহৰ ৪০ টা কংকাল প্ৰস্তুত কৰি তুলিছে।এই কংকালসমূহৰ পৰা মদ প্ৰস্তুত কৰি, দেহত সিংহৰ শক্তি অৰ্জন কৰাৰ বাবে  চীনৰ পৰম্পৰাগত ঔষধ প্ৰস্তুত কৰিবলৈ সেই মদ পান কৰা হ’ব।

এই ঔষধসমূহৰ ভিতৰত অধিকভাগ ঔষধেই যৌন উত্তেজনা বৰ্ধক (aphrodisiac) হিচাপে পৰম্পৰাগত ভাৱে মানি অহা হৈছে। ঘাইকৈ গঁড়ৰ খৰ্গটো হৈছে ইয়াৰ নাকৰ নোমৰ এক ৰূপান্তৰ মাত্ৰ আৰু সেয়া বৈজ্ঞানিকভাৱে প্ৰমাণিতও হৈছে। গঁড়ৰ খৰ্গত পোৱা প্ৰটিন নখ আৰু নোম, চুলি আদি গঠনৰ উপাদান। আনহাতে বাঘ, সিংহ আদি জন্তুৰ বীৰত্বৰ কাৰণ তাৰ মাংস বা হাড়ৰ পৰা প্ৰস্তুত ঔষধৰ পৰা মানুহলৈ বাঘৰ দৰে শৌৰ্য, বল আহিব পৰাটোও কোনো বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক নহয়।

ইফালে চীনৰ একাংশ জনসাধাৰণে এই পৰম্পৰাগত বিশ্বাসকেই বিশ্বাস কৰি আহিছে। জীৱনটো সুন্দৰভাৱে উপভোগ কৰাৰ বাবে এই নিৰ্দোষী প্ৰাণীসমূহক তিল তিলকৈ মৃত্যুৰ মুখলৈ থেলি দিবলৈ কুণ্ঠাবোধ নাই এইচাম মানুহৰ।  ক্ৰমাৎ অৱলুপ্তিৰ দুৱাৰদলিলৈ আগবঢ়া এই প্ৰাণীসমূহৰ প্ৰতি মানুহৰ ভোগসৰ্বস্ব নিৰ্দয় মানসিকতা প্ৰতি ইমানেই কদৰ্যৰূপত  বাঢ়িছে যে সিংহ, বাঘ আদি ব্ৰয়লাৰ কুকুৰা, হাঁহৰ দৰে পুহি সেইসমূহৰ পৰা হাড়, মূৰ দাঁত, সংগ্ৰহ কৰি তাৰ পৰা ঔষধ প্ৰস্তুতি কৰাৰ এটা কদৰ্য ব্যৱসায়ে গা কৰি উঠিছে।

সমাজতন্ত্ৰক বজাই ৰাখিবলৈ সমস্ত নাগৰিকৰ বাক-স্বাধীনতাক ভৰিৰে গছকিব পৰা, টিয়ানামেন স্কোৱাৰত নিজৰ দেশৰ গণতন্ত্ৰকামী নতুন প্ৰজন্মৰ নাগৰিকক আদৰ্শৰ নামত হত্যা কৰিব পৰা শাসনযন্ত্ৰটোৱে কিন্তু অন্ধ-বিশ্বাসত আকণ্ঠ নিমজ্জিত নাগৰিকক এই পৰম্পৰাগত ঔষধৰ বৈজ্ঞানিক ভিত্তিহীনতাৰ সম্পৰ্কে এটা গণসচেতনতা অভিযান আৰম্ভ কৰাৰ অৱকাশ নাই।

ফলত প্ৰগতিশীল দেশ চীনত এতিয়া গা কৰি উঠিছে বিলুপ্তপ্ৰায় প্ৰাণীৰ এখন অমানৱীয় বজাৰ। সামন্তৰালভাৱে চলিছে ইয়াৰ চুবুৰীয়া দেশসমূহক বিলুপ্তিৰ পথত গতি কৰা জন্তুসমূহৰ চোৰাং কাৰবাৰৰ উপনিৱেশ হিচাপে গঢ়ি তোলাৰ গোপন কুচকাৱাজ। জানিব পৰা মতে চীনলৈ হাড় ৰপ্তানি কৰাৰ বাবে ৭০০০ৰ পৰা ২০,০০০ টা সিংহ এই ঘৃণ্য ফাৰ্মসমূহত  জন্ম দিয়া হৈছে।