মোদীৰ ‘নিমন্ত্ৰণ বাতিল’ বাতৰিৰ স্পষ্টীকৰণ মৰিগাওঁ অধিৱেশনৰ আদৰণি সমিতিৰ

“সংঘত কোনো ধৰণৰ মেৰুবিভাজন নাই”, অনাহক বিতৰ্ক নকৰিবলৈ সকলোকে আহ্বান আদৰণি সমিতিৰ

pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

সংঘৰ ৮৫ সংখ্যক শিৱসাগৰ অধিৱেশনত প্ৰধান মন্ত্ৰী মোদী। সৌজন্য-- narendramodi.in

আগন্তুক মৰিগাওঁ অধিৱেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘত মেৰু বিভাজন হৈছে বুলি এটা বৈদ্যুতিন সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি সন্দৰ্ভত আজি আদৰণি সমিতিয়ে স্পষ্টীকৰণ দিছে।

১৪ জানুৱাৰিত এই সন্দৰ্ভত মৰিগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি ৮৮ সংখ্যক অধিৱেশনৰ আদৰণি সমিতিয়ে বিষয়টো স্পষ্ট কৰে।

সংবাদমেলত আদৰণি সমিতিৰ সভাপতি ডাঃ পুনিৰাম পাতৰ আৰু সম্পাদক বাবুল বৰাই ‘সংঘত কোনো ধৰণৰ মেৰুবিভাজন নাই’ বুলি স্পষ্ট কৰি দিয়ে।

“প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ বাতিল সম্পৰ্কত নৱনিৰ্বাচিত পদাধিকাৰে কৰা মন্তব্যৰ সৈতে আদৰণি সমিতিও একমত”, সংবাদমেলত আদৰণি সমিতিৰ সভাপতি ডাঃ পুনিৰাম পাতৰে কয়।

উল্লেখযোগ্য যে ১৩ জানুৱাৰিত ব্যক্তিগত খণ্ডৰ সংবাদগোষ্ঠীটোৱে পৰিৱেশন কৰা এই সম্পৰ্কীয় সংবাদত মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি সংঘত সংঘাত হোৱা বুলি উল্লেখ কৰিছিল। এই বিষয়টোত নৱ নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈ আৰু আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ মাজত মতবিৰোধ হোৱা বুলি উল্লেখ কৰিছিল।

“এনে ধৰণৰ বাতৰিয়ে সংঘৰ শুভাকাংক্ষী আৰু জাতীয় দল-সংগঠনৰ লগত অনাহকত সংঘাত সৃষ্টি কৰিব পাৰে” আদৰণি সমিতিয়ে খেদ প্ৰকাশ কৰি কয়।

উল্লেখ্য যে, অহা ৬ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনাইছিল যদিও সেই নিমন্ত্ৰণ সংঘই বাতিল কৰিছে। শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মোদী চৰকাৰে লোৱা ‘অসমৰ ৰাইজৰ বিৰোধী’ পদক্ষেপৰ বাবেই তেওঁৰ নিমন্ত্ৰণ বাতিলৰ দৰে সিদ্ধান্ত লোৱা বুলি নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছিল।

কিন্তু এই বাতৰিটোত কিছু কিছু সংবাদগোষ্ঠীয়ে আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ পূৰ্বৰ এটা মন্তব্যক টানি আনি দুয়োজনৰ মাজত সংঘাত থকা বুলি উল্লেখ কৰিছিল। লগতে সংঘতে মোদীক সমৰ্থন কৰা-নকৰাক লৈ মেৰু বিভাজন হোৱা বুলি সংবাদ পৰিৱেশন কৰিছিল, যিটোৰ বাবে আজি আদৰণি সমিতিয়ে সংবাদমেল দি ‘পদাধিকাৰৰ মতেই আমাৰ মত’ বুলি স্পষ্ট কৰিব লগীয়া হয়। সংবাদমেলত আদৰণি সমিতিৰ সভাপতি-সম্পাদকে এনে বাতৰিৰ দ্বাৰা প্ৰৰোচিত হৈ অধিবেশনৰ আদৰণি সমিতিক ভুল নুবুজিবলৈও ৰাইজলৈ আহ্বান জনায় লগতে সকলো দল-সংগঠন, সংবাদ মাধ্যম আৰু ব্যক্তি বিশেষৰ সহযোগিতা কামনা কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নৱনিৰ্বাচিত পদাধিকাৰ গগৈয়ে ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় অসমৰ ৰাইজৰ লগত থাকিব লাগিব’ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অসমৰ ৰাইজে ‘বেয়া পোৱা’ কাম নকৰাৰ সিদ্ধান্ত লোৱা বুলি কৈছিল।