ৰন্ধন প্ৰকৰণ|| দোৰোণ শাকৰ খাৰ, পালেং পনীৰ, কেপচিকাম চিকেন দ্ৰাই ফ্ৰাই

doron leaves with khaar

দোৰোণ শাকৰ খাৰ।

১। পালেং পনীৰ (পালক পনীৰ)

পালেং পনীৰ

উপকৰণ:

পালেং শাক- ২মুঠি

পনীৰ- ৩০০গ্ৰাম

তেজপাত- ২খিলা

গোটা জীৰা- কেইটামান (ফোঁৰণৰ বাবে)

পিঁয়াজ- ৩টা (পে’ষ্ট কৰা)

কাজু পে’ষ্ট- ২চামুচ

পনীৰ পে’ষ্ট- ২চামুচ

জীৰা গুড়ি- ১চামুচ

ধনিয়া গুড়ি- ১চামুচ

পনীৰ মচলা- ১চামুচ

জলকীয়া- ২টা

টমেট’ চচ- ১টেবুল চামুচ

নিমখ, হালধি, তেল জোখ অনুপাতে

 

ৰন্ধন প্ৰণালী:

পনীৰখিনি নিজৰ পছন্দ মতে কাটি ল’ব৷ পালেংখিনি নিমখ দি সিজাই মিক্সিত পে’ষ্ট বনাই ল’ব৷ কেৰাহীত তেল গৰমাই তেজপাত, গোটা জীৰা কেইটামান দি ফোঁৰণ দিব৷ তাতে পিয়াঁজৰ পে’ষ্টখিনি দি ৰঙচুৱাকৈ ভাজি ল’ব৷ কাজুৰ পে’ষ্ট, পনীৰ পে’ষ্ট, নিমখ, হালধি ,জীৰা গুড়ি, ধনীয়া গুড়ি, পনীৰ মচলা দি কেঁচা জলকীয়া দুটা ফালি দিব৷ টমেট’ চচ্‌ অলপ দিব৷ এতিয়া পালেঙৰ পে’ষ্টখিনি দি অলপ ভাজি জোখমতে পানী দি উতলিবলৈ দিব৷ উতল আহিলে পনীৰখিনি দি দিব৷ জোলখিনি ডাঠ হৈ আহিলে নমাই পৰিৱেশন কৰিব৷

 

২। দোৰোণ শাকৰ খাৰ

দোৰোণ শাকেৰ খাৰ।

উপকৰণ:

দোৰোণ শাক- ২মুঠি

বুট- ১মুঠি

পিয়াঁজ- ১টা

নহৰু- ৮কোঁহ

আদা- এটুকুৰা

জলকীয়া- ২টা

কলাখাৰ- ২চামুচ

মিঠাতেল- ১টেবুল চামুচ

নিমখ- সোৱাদ অনুসৰি

১চাহ চামুচ মিঠাতেল- খাৰ নমোৱাৰ পিছত দিব

 

প্ৰণালী:

দোৰোণ শাকখিনি বাচি, ধুই লৈ মিহিকৈ কুটি ল’ব৷ বুট কেইটামান তিয়াই কোমলাই ল’ব৷ কেৰাহীত তেল গৰম কৰি আদা-নহৰু অলপ থেতালি দি পিয়াঁজখিনি দিব৷ কেঁচা জলকীয়া ২টা ফালি দিব৷ তাৰপিছত শাকখিনি দি অলপ লৰাই বুটকেইটাও দি দিব৷ সোৱাদ অনুসৰি নিমখো দিব৷ প্ৰয়োজন অনুসৰি পানী দিব৷ পানী উতলি আহিলে কলাখাৰ দি ঢাকোন লগাই সিজিবলৈ দিব৷ শাকখিনি সিজি থূপথূপীয়া হ’লে নমাই কেঁচা মিঠাতেল এচামুচ দি গৰমে গৰমে পৰিৱেশন কৰিব৷

 

৩| কেপচিকাম চিকেন ড্ৰাই ফ্ৰাই

 

কেপচিকামৰ সৈতে চিকেন দ্ৰাই ফ্ৰাই।

উপকৰণ:

চিকেন- ৫০০গ্ৰাম

কেপচিকাম- ১টা (ডাঙৰ)

পিয়াঁজ- ৪টা (চকলবোৰ ডাঙৰকৈ কাটিব)

দৈ- আধা কাপ

নেমু ৰস- ১চামুচ

জীৰা গুড়ি- ১চামুচ

ধনীয়া গুড়ি- ১চামুচ

জলকীয়া গুড়ি- ১চামুচ

কেঁচা জলকীয়া- ৩টা

টমেট’ চচ- ১টেবুল চামুচ

চ’য়া চচ- ১টেবুল চামুচ

জালুক গুড়ি- ১চামুচ

নিমখ, হালধি, তেল আন্দাজমতে

 

প্ৰণালী:

মাংসখিনিত প্ৰথমে নিমখ, হালধি, মিঠাতেল, জীৰা গুড়ি, ধনীয়া গুড়ি, জলকীয়া গুড়ি, দৈ, নেমু ৰস সানি আধা ঘণ্টাৰ বাবে ঢাকি থ’ব৷ আধাঘণ্টাৰ পিছত কেৰাহীত তেল গৰম কৰি মাংসখিনি ফ্ৰাই কৰি উঠাই থ’ব৷

সেই তেলতে পিয়াঁজ, কেপ্‌চিকাম দি অলপ ভাজি ল’ব৷ নিমখ, হালধি দি লৰাই কেঁচা জলকীয়া ফালি দিব৷ তাৰপিছত টমেট’ চচ্‌ আৰু চ’য়া চচ্‌ দি লৰাই মাংসখিনি দি দিব৷ জালুক গুড়ি অলপ দিব৷ এইদৰে অলপ সময় ভাজি লৈ নমাই পৰিৱেশন কৰিব৷