ভূতৰ ওপৰত দানহ! কৰ’নাৰ সংহাৰৰ মাজতে আমেৰিকাত পিঁয়াজ খাই অসুস্থ শতাধিক লোক

purple_onions_main_uns-1280x720

প্ৰতিনিধিত্বমূলক ফটো।

মাৰাত্মক কৰ’না ভাইৰাছৰ সংহাৰ চলি থকাৰ মাজতে আমেৰিকাত এইবাৰ এক নতুন বিপদে দেখা দিছে।

কৰ’না ভাইৰাছৰ ফলত বিপৰ্যস্ত হৈ পৰা দেশখনত ইতিমধ্যে ৪৮লাখতকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ১লাখ ৬০ হাজাৰ লোকৰ মৃত্যু হৈছে।

ইয়াৰ মাজতে দেশখনত এইবাৰ বিয়পিছে ছালম’নেলা বেক্টেৰিয়াৰ বিষক্ৰিয়া।

দেশখনৰ ৩১খন প্ৰদেশত বিয়পি পৰিছে এই বেক্টেৰিয়াৰ বিষক্ৰিয়া।

এই বিষক্ৰিয়াৰ ফলত কমেও ৪০০লোক অসুস্থ হৈ পৰিছে।

বাতৰি অনুসৰি, কেবল আমেৰিকাই নহয়, লগতে কানাডাৰ পৰাও এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছে।

আমেৰিকাত আক্ৰান্ত হৈ পৰা বহুলোকক হাস্পাতলত ভৰ্তি কৰা হৈছে।

কোনো সংস্থাই যোগান ধৰা ৰঙা পিঁয়াজ খোৱাৰ ফলতে এইদৰে লোকসকল অসুস্থ হৈ পৰা বুলি অনুমান কৰা হৈছে।

বাতৰিত কোৱা হৈছে যে এই ঘটনাৰ বাবে প্ৰাথমিকভাৱে থমছন ইন্টাৰনেশ্যনেল নামৰ এটা পিঁয়াজ সৰবৰাহকাৰী সংস্থাক জগৰীয়া কৰা হৈছে।

তদন্তত ৰঙা পিঁয়াজ খাই বিষক্ৰিয়া হোৱাৰ কথা গম পোৱাৰ পাছতে সংস্থাটোৱে যোগান ধৰা দোকানসমূহৰ পৰা পিঁয়াজসমূহ জব্দ কৰা হৈছে।

ছালম’নেলা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত আক্ৰান্ত লোকৰ ডায়েৰীয়া, জ্বৰ, পেটৰ বিষৰ দৰে সমস্যাই দেখা দিয়ে।

প্ৰায় ৪দিনৰ পৰা ৭দিনলৈ ভূগিবলগীয়া হোৱা এই ৰোগত ৫বছৰৰ তলৰ পৰা ৬৫বছৰৰ ওপৰৰ লোকসকল অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।