Xiaomi–এ আজি ভাৰতত মুকলি কৰিব Redmi Note 9 চিৰিজ; জানক দাম আৰু আকৰ্ষণীয় ফিচাৰ্ছ

প্ৰতিনিধিত্বমূলক ছবি

স্মাৰ্টফোন কোম্পানি Xiaomi-এ আজি ভাৰতৰ মোবাইল ফোনৰ বজাৰত ইয়াৰ শেহতীয়া Redmi Note 9 চিৰিজ মুকলি কৰিব। প্ৰতিষ্ঠানটোৱে আজি চিৰিজটোৰ দুটা মডেল ক্ৰমে Redmi Note 9 আৰু  Redmi Note 9 Pro মুকলি কৰিব পাৰে।

আনহাতে জানিব পৰা মতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কোম্পানিটোৱে স্মাৰ্টফোন দুটা online মুকলি কৰাৰ সিদ্ধান্ত লৈছে। আজি দিনৰ ১২ বজাত Redmi India YouTube channel-ত মুকলি অনুষ্ঠানৰ লাইভ ষ্ট্ৰিমিং উপলব্ধ হ’ব।

Redmi Note 9 চিৰিজৰ মূল্য কিমান হ’ব সেয়া বৰ্তমানলৈকে কোম্পানিটোৱে প্ৰকাশ কৰা নাই যদিও ইয়াৰ দাম Redmi Note 8 চিৰিজৰ ওচৰা-ওচৰি হ’ব বুলি অনুমান কৰা হৈছে। Redmi Note 8 চিৰিজৰ দাম ৯,৯৯৯ টকাৰ পৰা আৰম্ভ হৈছিল।

Redmi Note 9 চিৰিজৰ কেইটামান বিশেষ ফিচাৰ্ছ (আনুমানিক)

64MP ছেঞ্চৰৰ সৈতে কোৱাদ ৰিয়াৰ কেমেৰা ছেটআপ। উক্ত কেমেৰা ছেটআপত পৃথকভাৱে টেলিফ’ট’, মেক্ৰ’ আৰু ৱাইড-এংগল স্বুটাৰ্ছ অন্তৰ্ভুক্ত থাকিব।

নতুন কেমেৰা ছেটআপৰ উপৰি চিৰিজটোৰ ফোনবিলাকত 90Hz ডিছপ্লে থাকিব। Note 8 চিৰিজত ডিছপ্লেৰ ৰিফ্ৰেচ ৰে’ট আছিল 60Hz।

6GB RAM-ৰ সৈতে Android 10 অপাৰেটিং চিষ্টেম। Qualcomm Snapdragon 665 SoC প্ৰচেছৰ।

৪,৯২০mAh-ৰ বেটেৰী।

এই সমূহৰ উপৰি আন বহুতো আকৰ্ষণীয় ফিচাৰ্ছ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে Xiaomi-ৰ Redmi Note 9 চিৰিজৰ স্মাৰ্টফোনৰ মডেল দুটাত।