TikTok  নাই কোনো কথা নাই, আহিছে ৰীলছ

instagram-759

 

বিশ্বৰ কোটি কোটি মানুহে ব্যৱহাৰ কৰা চীনৰ অতি জনপ্ৰিয় এপ TikTok ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ পিছত TikTok ব্যৱহাৰকাৰী বহু লোকৰ মন গধুৰ হৈ পৰিছিল।

অৱশ্যে সকলোৱে  দেশৰ স্বাৰ্থতে বিষয়টোক সহজ ভাৱে লবলৈ আৰম্ভ কৰিছে।

যি কি নহওঁক, TikTok  নাথাকিলেও এতিয়া TikTok ৰ ঠাই পূৰাবলৈ আহিছে আন এক ভিডিঅ’ এপ ৰীলছ।

ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলৰ মাজত পৰিচিত ইনষ্টাগ্ৰামে এতিয়া TikTok ৰ ঠাই পূৰাবলৈ লৈ আহিছে আন এক ভিডিঅ’ এপ ৰীলছ।

ইনষ্টাগ্ৰামে ৰীলছ এপৰ প্ৰচলন কৰা বিশ্বৰ চতুৰ্থ খন দেশ হৈছে ভাৰত।

ভাৰতৰ উপৰি ব্ৰাজিল,জাৰ্মানী আৰু ফ্ৰান্সত ইনষ্টাগ্ৰামে এই এপ মুকলি কৰিছে।

ইনষ্টাগ্ৰামৰ ৰীলছ এপৰ জৰিয়তে কোনো এজন লোকে সৰ্বাধিক ১৫ ছেকেণ্ড দৈৰ্ঘ্যৰ ভিডিঅ’ প্ৰস্তুত কৰিব পাৰিব।

ইনষ্টাগ্ৰামৰ ৰীলছ এপৰ বিষয়ে সদৰী কৰি ফেচবুক প্ৰডাক্টৰ ভাইছ প্ৰেছিডেন্ট বিশাল শ্বাহে এই বুলি কৈছে যে এই এপত প্ৰস্তুত কৰা ভিডিঅ’ লোক এজনে তেওঁৰ ফল’ৱাৰৰ তালিকাৰ বাহিৰত থকা লোকলৈও পঠিয়াব পাৰিব।

তদুপৰি এই ভিডিঅ’ত নিজৰ পচন্দ অনুসৰি সংগীত সংযোজন কৰিব পৰা যাব।