NORTHEAST NOW (Assamese)

ম্যানমাৰৰ শৰণাৰ্থীক অপহৰণ, দলবদ্ধ ধৰ্ষণ

March 1, 2023 12:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 1, 2023 11:44 am

দক্ষিণ দিল্লীৰ কালিন্দি কুঞ্জত এক জঘন্য কাণ্ড সংঘটিত হোৱাৰ বাতৰি আহিছে। প্ৰকাশ পোৱা বাতৰি অনুসৰি ম্যানমাৰৰ এগৰাকী ২১ বছৰীয়া শৰণাৰ্থী মহিলাক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ কৰা হয়। ইতিমেধ্যে ঘটনা সন্দৰ্ভত যোৱা মঙলবাৰে দিল্লী আৰক্ষীয়ে অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২২ ফেব্ৰুৱাৰীত তেওঁক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ পিছত পিছদিনা অজ্ঞাত স্থানত এৰি থৈ যোৱা হৈছিল। ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা দেওবাৰে আৰক্ষীৰ কাষ চাপিছিল আৰু আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ দাখিলৰ পাছতে অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰে।

গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষী উপ আয়ুক্ত (দক্ষিণ-পূব) ৰাজেশ দেৱে কয় যে আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহ কৰি আৰু অচিনাক্ত অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকী ম্যানমাৰৰ আৰু ভাৰতত পঞ্জীয়নভুক্ত শৰণাৰ্থী। ১৬ মহীয়া কন্যা আৰু স্বামীৰ সৈতে পশ্চিম দিল্লীৰ চুবুৰী এটাত থাকে। মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২২ ফেব্ৰুৱাৰীত নিশা প্ৰায় ৯ বজাত কালিন্দি কুঞ্জৰ এখন চিকিৎসালয়ৰ পৰা উভতি আহি থকা অৱস্থাত স্বামীয়ে কালিন্দি কুঞ্জ মেট্ৰ’ ষ্টেচনৰ সমীপত শিশুটিসহ তেওঁক থৈ যায়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ ৰৈ থকাৰ সময়তে এজন অটো চালকে তেওঁৰ ওচৰলৈ আহি তেওঁক বশ কৰিবলৈ কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰে ডুবাই ৰখা কাপোৰ ব্যৱহাৰ কৰিছিল। তেওঁ আৰু তেওঁৰ কন্যাক গাড়ীৰে অজ্ঞাত স্থানলৈ লৈ যোৱাৰ লগতে এটা কোঠাত চাৰিজন লোকে পাল পাতি উপৰ্যুপৰি তেওঁক ধৰ্ষণ কৰে।

আৰক্ষীক জনোৱা মতে, তেওঁলোকে মহিলাগৰাকীক গাড়ীত উঠাই নি এক অজ্ঞাত স্থানত এৰি থৈ যায়। সেই স্থানৰ লোকে মহিলাগৰাকীক খাদ্য গ্ৰহণ কৰিবলৈ দি ঘৰলৈ উভতি অহাত সহায় কৰে।

ইয়াৰ পাছতে ২৬ ফেব্ৰুৱাৰীত মহিলাগৰাকীয়ে কালিন্দি কুঞ্জ থানাত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰিছে।

“মহিলাগৰাকী আৰু তেওঁৰ সন্তানটো শাৰীৰিকভাৱে সুস্থ। আমি তেওঁৰ সৈতে কথা পাতিছো আৰু ঘটনাৰ সৈতে জড়িত থকা লোকসকলক চিনাক্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছো। আমি ক্লু বিচাৰি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আছো।’- নাম প্ৰকাশ নকৰাকৈয়ে এইদৰে কয় এজন তদন্তকাৰী বিষয়ে।

Related News