DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

সংবিধানত শ্ৰমণবাদৰ প্ৰভাৱ – দ্বিপেন কাকতি

আম্বেদকাৰে এঠাইত লিখিছিল– “[ভাৰতৰ] প্ৰথমজন সমাজ সংস্কাৰক আৰু তেনে লোকসকলৰ ভিতৰত সবাতোকৈ মহামতিজন আছিল গৌতম বুদ্ধ৷ সমাজ সংস্কাৰৰ যিকোনো ইতিহাস তেওঁক লৈয়েই আৰম্ভ হ’ব লাগিব আৰু তেওঁৰ কৰ্মৰাজিক বাদ দি ভাৰতত সমাজ সংস্কাৰৰ কোনো ইতিহাসেই সম্পূৰ্ণ হ’ব নোৱাৰে৷”

দ্বিপেন কাকতি by দ্বিপেন কাকতি
March 1, 2023 12:37 pm
133
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই আৰম্ভণিৰ পৰাই ভাৰতীয় সংবিধানৰ বিৰোধিতা কৰি আহিছে৷ ১৯৫০ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক দেশ হিচাপে ঘোষণা কৰা হয়৷ তাৰ আগদিনা অৰ্থাৎ ২৪ জানুৱাৰী তাৰিখে আৰ এচ এচৰ মুখপত্ৰ “Organiser”ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শংকৰ চুব্বা আয়াৰৰ এটা নিবন্ধ প্ৰকাশ হৈছিল৷ তাৰ শিৰোনাম আছিল “Manu rules our hearts.” নিবন্ধটোত কোৱা হৈছিল যে সংবিধানত ভাৰতীয়ত্বৰ কোনো চাপ নাই; দৰাচলতে ইয়াৰ ভেটি হ’ব লাগিছিল মনুস্মৃতি৷ মনুস্মৃতি ব্ৰাহ্মণ্যবাদৰ মূল আদৰ্শ৷ আম্বেদকাৰৰ মতে, সাম্য, মৈত্ৰী আৰু স্বাধীনতা ব্ৰাহ্মণ্যবাদৰ সাৰকথা৷ আনহাতে এই তিনিটাই হৈছে ভাৰতীয় সংবিধানৰ মূল স্তম্ভ৷

অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় সমাজত দুটা বৈৰী ধাৰা প্ৰৱাহমান হৈ আহিছে৷ এটা হ’ল ব্ৰাহ্মণ্যবাদ আৰু আনটো হ’ল শ্ৰমণবাদ৷ বুদ্ধ, জৈন, নাথ, তন্ত্ৰ, সিদ্ধ, শৈৱ, সিদ্ধান্ত আৰু ভক্তি আদি শ্ৰমণ পৰম্পৰাৰ অন্তৰ্ভূক্ত আছিল৷ এই পৰম্পৰাই সমাজৰ সকলো লোককে সামৰি লৈছিল৷ ইয়াৰ বিধি–বিধানবিলাকো ব্ৰাহ্মণ্যবাদৰ পৰিপন্থী আছিল৷ দুয়োটা ধাৰাৰ মাজত মূল বিৰোধ আছিল জাতপ্ৰথাক লৈ৷ ব্ৰাহ্মণ্যবাদৰ মূল পৰম্পৰা আছিল জাতপ্ৰথা, আনহাতে শ্ৰমণবাদ এনে প্ৰথাৰ উৰ্ধত আছিল৷

জাতপ্ৰথা আৰু নাৰী অৱদমনৰ বিধি–বিধানেৰে ব্ৰাহ্মণ্যবাদৰ বাইবেল স্বৰূপ মনুস্মৃতি সমৃদ্ধ হৈ আছে; আনহাতে বুদ্ধৰ বাণীৰে শ্ৰমণ পৰম্পৰা সমৃদ্ধ৷ ভাৰতীয় সমাজ ব্যৱস্থাৰ আপাদমস্তক চাৰি বৰ্ণাশ্ৰম প্ৰথা বিস্তাৰিত হৈ আছিল৷ ইয়াৰ পৰাই ক্ৰমাৎ অগণন জাত–পাতৰ সৃষ্টি হৈছিল৷ এনে পৰিস্থিতিতে বৌদ্ধ মতাদৰ্শই জাত–পাতৰ বিৰুদ্ধে সাম্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল৷ সাধাৰণভাৱে শ্ৰমণ দৰ্শন আৰু বিশেষভাৱে বৌদ্ধ মতবাদে ভাৰতীয় সংবিধানক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে৷ কিছু লোকে অভিযোগ কৰাৰ দৰে ভাৰতীয় সংবিধান পশ্চিমীয়া সংবিধানৰ পৰা চান্দা তুলি আনি প্ৰস্তুত কৰা দলিল নহয়; দেশীয় ভূমিত ইয়াৰ শিপা প্ৰোথিত হৈ আছে৷ ইয়াৰ বুকুত দেশীয় ৰূপ–ৰস–গন্ধ আছে৷ সাম্যৰ কথাকে ধৰকচোন৷ ই আমাৰ সংবিধানৰ এক মৌলিক স্তম্ভ৷ সংবিধানৰ অনুচ্ছেদ ১৪ৰ পৰা ১৮লৈকে জনজীৱনৰ প্ৰায় সকলো ক্ষেত্ৰক সামৰি আছে৷ আইনৰ দৃষ্টিত সকলো সমান আৰু সকলোৰে বাবে সমভাৱে আইনৰ সুৰক্ষা লাভ, সামাজিক বৈষম্যৰ দূৰীকৰণ, সকলোৰে বাবে সমভাৱে ৰাজহুৱা সেৱা গ্ৰহণৰ সুযোগ লাভ, অস্পৃশ্যতাৰ অৱসান ঘটোৱা ইত্যাদি৷ সমতা পশ্চিমীয়া আদৰ্শ নহয়, এই আদৰ্শ আহিছে শ্ৰমণ পৰম্পৰাৰ পৰা৷

বৌদ্ধ ধৰ্মৰ পতন হৈছিল সাম্য বিৰোধী প্ৰতি–বিপ্লৱী ষড়যন্ত্ৰৰ জৰিয়তে৷ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক, মৌৰ্য সাম্ৰাজ্যৰ শেষৰজন ৰজা বৃহদ্ৰথক হত্যা কৰি ব্ৰাহ্মণ সেনাপতি পুষ্যমিত্ৰ শূঙে এই প্ৰতিবিল্পৱৰ গুৰি ধৰিছিল৷ পুষ্যমিত্ৰ ৰজা হৈ বৌদ্ধ ধৰ্মক নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰিছিল৷ বৌদ্ধ ভিক্ষুৰ শিৰ কাটি আনিলে এশ স্বৰ্ণ মুদ্ৰাৰ পুৰস্কাৰ ঘোষণা কৰিছিল৷ সমাজ ব্যৱস্থালৈ মনুস্মৃতিক ওভতাই অনা হ’ল আৰু তাৰ জৰিয়তে জাতি ব্যৱস্থাক বিধিগত স্বীকৃতি দিয়া হ’ল৷ মনুস্মৃতিয়ে “পৰিস্থিতিৰ তাড়না”ত ৰজা হত্যাক অনুমোদন দিছিল৷ গতিকে সমাজৰ দৃষ্টিত পুষ্যমিত্ৰ ৰাজ–হত্যাৰ দোষৰ পৰা মুক্ত হৈ পৰিছিল৷ প্ৰজাই তেওঁক গ্ৰহণ কৰিছিল৷

আম্বেদকাৰে কৈছিল–“Buddhism was a revolution. It was as great a Revolution as the French Revolution. Though it began as Religious Revolution, it became more than a Religious Revolution. It became a social and political revolution.” তেখেতে ভাৰতীয় সংবিধানত বৌদ্ধৰ প্ৰাচীন ৰীতি–নীতিবিলাকৰ সমাহাৰ ঘটাই গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰতিষ্ঠা কৰা হৈছে বুলি মুকলিকৈ ঘোষণা কৰিছিল ২৫ নৱেম্বৰ, ১৯৪৯ চনত অনুষ্ঠিত সংবিধান সভাৰ সভাত৷ আম্বেদকাৰে আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছিল যে গণতন্ত্ৰৰ ধাৰণাটো আন সূত্ৰৰ পৰা ধাৰ কৰা হোৱা নাই, বৰং বৌদ্ধ মতবাদৰ পৰাহে লোৱা হৈছে৷ কাৰণ গণতন্ত্ৰৰ ধাৰণা বৌদ্ধমতত আমজ্জা বিস্তাৰিত হৈ আছে৷ “Let no one, however, say that I have borrowed my philosophy from the French Revolution. I have not. I have derived them from the teachings of my master, The Buddha. I found that his teaching was democratic to the core.” উল্লিখিত সভাত আম্বেদকাৰে এই বুলিও কৈছিল যে বৌদ্ধ ভিক্ষু সংঘবিলাকৰ গঠন আৰু কাম–কাজ প্ৰকৃততেই গণতান্ত্ৰিক আছিল৷

আম্বেদকাৰে এঠাইত লিখিছিল– “[ভাৰতৰ] প্ৰথমজন সমাজ সংস্কাৰক আৰু তেনে লোকসকলৰ ভিতৰত সবাতোকৈ মহামতিজন আছিল গৌতম বুদ্ধ৷ সমাজ সংস্কাৰৰ যিকোনো ইতিহাস তেওঁক লৈয়েই আৰম্ভ হ’ব লাগিব আৰু তেওঁৰ কৰ্মৰাজিক বাদ দি ভাৰতত সমাজ সংস্কাৰৰ কোনো ইতিহাসেই সম্পূৰ্ণ হ’ব নোৱাৰে৷”

ভাৰতীয় সংবিধান সেয়েহে বুদ্ধই আৰম্ভ কৰা বিপ্লৱৰে ধাৰাবাহিকতা৷ মনুস্মৃতিৰ উপাসকসকলৰ বাবে এইখন সংবিধান স্বাভাৱিকতে গ্ৰহণযোগ্য নহয়৷ তাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো দূৰৰ কথা৷ সেয়েহে বিজেপি চৰকাৰে সুবিধা আৰু আৱশ্যক অনুযায়ী তাক উলংঘা কৰি থাকে৷

 

লেখকৰ দূৰভাস : ৯৪৩৫০৯০৮৯৯

Recent News

বেয়া খবৰ !  UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd