• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সংবিধানত শ্ৰমণবাদৰ প্ৰভাৱ – দ্বিপেন কাকতি

আম্বেদকাৰে এঠাইত লিখিছিল– “[ভাৰতৰ] প্ৰথমজন সমাজ সংস্কাৰক আৰু তেনে লোকসকলৰ ভিতৰত সবাতোকৈ মহামতিজন আছিল গৌতম বুদ্ধ৷ সমাজ সংস্কাৰৰ যিকোনো ইতিহাস তেওঁক লৈয়েই আৰম্ভ হ’ব লাগিব আৰু তেওঁৰ কৰ্মৰাজিক বাদ দি ভাৰতত সমাজ সংস্কাৰৰ কোনো ইতিহাসেই সম্পূৰ্ণ হ’ব নোৱাৰে৷”

দ্বিপেন কাকতি by দ্বিপেন কাকতি
March 1, 2023 12:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই আৰম্ভণিৰ পৰাই ভাৰতীয় সংবিধানৰ বিৰোধিতা কৰি আহিছে৷ ১৯৫০ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক দেশ হিচাপে ঘোষণা কৰা হয়৷ তাৰ আগদিনা অৰ্থাৎ ২৪ জানুৱাৰী তাৰিখে আৰ এচ এচৰ মুখপত্ৰ “Organiser”ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শংকৰ চুব্বা আয়াৰৰ এটা নিবন্ধ প্ৰকাশ হৈছিল৷ তাৰ শিৰোনাম আছিল “Manu rules our hearts.” নিবন্ধটোত কোৱা হৈছিল যে সংবিধানত ভাৰতীয়ত্বৰ কোনো চাপ নাই; দৰাচলতে ইয়াৰ ভেটি হ’ব লাগিছিল মনুস্মৃতি৷ মনুস্মৃতি ব্ৰাহ্মণ্যবাদৰ মূল আদৰ্শ৷ আম্বেদকাৰৰ মতে, সাম্য, মৈত্ৰী আৰু স্বাধীনতা ব্ৰাহ্মণ্যবাদৰ সাৰকথা৷ আনহাতে এই তিনিটাই হৈছে ভাৰতীয় সংবিধানৰ মূল স্তম্ভ৷

অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় সমাজত দুটা বৈৰী ধাৰা প্ৰৱাহমান হৈ আহিছে৷ এটা হ’ল ব্ৰাহ্মণ্যবাদ আৰু আনটো হ’ল শ্ৰমণবাদ৷ বুদ্ধ, জৈন, নাথ, তন্ত্ৰ, সিদ্ধ, শৈৱ, সিদ্ধান্ত আৰু ভক্তি আদি শ্ৰমণ পৰম্পৰাৰ অন্তৰ্ভূক্ত আছিল৷ এই পৰম্পৰাই সমাজৰ সকলো লোককে সামৰি লৈছিল৷ ইয়াৰ বিধি–বিধানবিলাকো ব্ৰাহ্মণ্যবাদৰ পৰিপন্থী আছিল৷ দুয়োটা ধাৰাৰ মাজত মূল বিৰোধ আছিল জাতপ্ৰথাক লৈ৷ ব্ৰাহ্মণ্যবাদৰ মূল পৰম্পৰা আছিল জাতপ্ৰথা, আনহাতে শ্ৰমণবাদ এনে প্ৰথাৰ উৰ্ধত আছিল৷

জাতপ্ৰথা আৰু নাৰী অৱদমনৰ বিধি–বিধানেৰে ব্ৰাহ্মণ্যবাদৰ বাইবেল স্বৰূপ মনুস্মৃতি সমৃদ্ধ হৈ আছে; আনহাতে বুদ্ধৰ বাণীৰে শ্ৰমণ পৰম্পৰা সমৃদ্ধ৷ ভাৰতীয় সমাজ ব্যৱস্থাৰ আপাদমস্তক চাৰি বৰ্ণাশ্ৰম প্ৰথা বিস্তাৰিত হৈ আছিল৷ ইয়াৰ পৰাই ক্ৰমাৎ অগণন জাত–পাতৰ সৃষ্টি হৈছিল৷ এনে পৰিস্থিতিতে বৌদ্ধ মতাদৰ্শই জাত–পাতৰ বিৰুদ্ধে সাম্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল৷ সাধাৰণভাৱে শ্ৰমণ দৰ্শন আৰু বিশেষভাৱে বৌদ্ধ মতবাদে ভাৰতীয় সংবিধানক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে৷ কিছু লোকে অভিযোগ কৰাৰ দৰে ভাৰতীয় সংবিধান পশ্চিমীয়া সংবিধানৰ পৰা চান্দা তুলি আনি প্ৰস্তুত কৰা দলিল নহয়; দেশীয় ভূমিত ইয়াৰ শিপা প্ৰোথিত হৈ আছে৷ ইয়াৰ বুকুত দেশীয় ৰূপ–ৰস–গন্ধ আছে৷ সাম্যৰ কথাকে ধৰকচোন৷ ই আমাৰ সংবিধানৰ এক মৌলিক স্তম্ভ৷ সংবিধানৰ অনুচ্ছেদ ১৪ৰ পৰা ১৮লৈকে জনজীৱনৰ প্ৰায় সকলো ক্ষেত্ৰক সামৰি আছে৷ আইনৰ দৃষ্টিত সকলো সমান আৰু সকলোৰে বাবে সমভাৱে আইনৰ সুৰক্ষা লাভ, সামাজিক বৈষম্যৰ দূৰীকৰণ, সকলোৰে বাবে সমভাৱে ৰাজহুৱা সেৱা গ্ৰহণৰ সুযোগ লাভ, অস্পৃশ্যতাৰ অৱসান ঘটোৱা ইত্যাদি৷ সমতা পশ্চিমীয়া আদৰ্শ নহয়, এই আদৰ্শ আহিছে শ্ৰমণ পৰম্পৰাৰ পৰা৷

বৌদ্ধ ধৰ্মৰ পতন হৈছিল সাম্য বিৰোধী প্ৰতি–বিপ্লৱী ষড়যন্ত্ৰৰ জৰিয়তে৷ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক, মৌৰ্য সাম্ৰাজ্যৰ শেষৰজন ৰজা বৃহদ্ৰথক হত্যা কৰি ব্ৰাহ্মণ সেনাপতি পুষ্যমিত্ৰ শূঙে এই প্ৰতিবিল্পৱৰ গুৰি ধৰিছিল৷ পুষ্যমিত্ৰ ৰজা হৈ বৌদ্ধ ধৰ্মক নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰিছিল৷ বৌদ্ধ ভিক্ষুৰ শিৰ কাটি আনিলে এশ স্বৰ্ণ মুদ্ৰাৰ পুৰস্কাৰ ঘোষণা কৰিছিল৷ সমাজ ব্যৱস্থালৈ মনুস্মৃতিক ওভতাই অনা হ’ল আৰু তাৰ জৰিয়তে জাতি ব্যৱস্থাক বিধিগত স্বীকৃতি দিয়া হ’ল৷ মনুস্মৃতিয়ে “পৰিস্থিতিৰ তাড়না”ত ৰজা হত্যাক অনুমোদন দিছিল৷ গতিকে সমাজৰ দৃষ্টিত পুষ্যমিত্ৰ ৰাজ–হত্যাৰ দোষৰ পৰা মুক্ত হৈ পৰিছিল৷ প্ৰজাই তেওঁক গ্ৰহণ কৰিছিল৷

আম্বেদকাৰে কৈছিল–“Buddhism was a revolution. It was as great a Revolution as the French Revolution. Though it began as Religious Revolution, it became more than a Religious Revolution. It became a social and political revolution.” তেখেতে ভাৰতীয় সংবিধানত বৌদ্ধৰ প্ৰাচীন ৰীতি–নীতিবিলাকৰ সমাহাৰ ঘটাই গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰতিষ্ঠা কৰা হৈছে বুলি মুকলিকৈ ঘোষণা কৰিছিল ২৫ নৱেম্বৰ, ১৯৪৯ চনত অনুষ্ঠিত সংবিধান সভাৰ সভাত৷ আম্বেদকাৰে আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছিল যে গণতন্ত্ৰৰ ধাৰণাটো আন সূত্ৰৰ পৰা ধাৰ কৰা হোৱা নাই, বৰং বৌদ্ধ মতবাদৰ পৰাহে লোৱা হৈছে৷ কাৰণ গণতন্ত্ৰৰ ধাৰণা বৌদ্ধমতত আমজ্জা বিস্তাৰিত হৈ আছে৷ “Let no one, however, say that I have borrowed my philosophy from the French Revolution. I have not. I have derived them from the teachings of my master, The Buddha. I found that his teaching was democratic to the core.” উল্লিখিত সভাত আম্বেদকাৰে এই বুলিও কৈছিল যে বৌদ্ধ ভিক্ষু সংঘবিলাকৰ গঠন আৰু কাম–কাজ প্ৰকৃততেই গণতান্ত্ৰিক আছিল৷

আম্বেদকাৰে এঠাইত লিখিছিল– “[ভাৰতৰ] প্ৰথমজন সমাজ সংস্কাৰক আৰু তেনে লোকসকলৰ ভিতৰত সবাতোকৈ মহামতিজন আছিল গৌতম বুদ্ধ৷ সমাজ সংস্কাৰৰ যিকোনো ইতিহাস তেওঁক লৈয়েই আৰম্ভ হ’ব লাগিব আৰু তেওঁৰ কৰ্মৰাজিক বাদ দি ভাৰতত সমাজ সংস্কাৰৰ কোনো ইতিহাসেই সম্পূৰ্ণ হ’ব নোৱাৰে৷”

ভাৰতীয় সংবিধান সেয়েহে বুদ্ধই আৰম্ভ কৰা বিপ্লৱৰে ধাৰাবাহিকতা৷ মনুস্মৃতিৰ উপাসকসকলৰ বাবে এইখন সংবিধান স্বাভাৱিকতে গ্ৰহণযোগ্য নহয়৷ তাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো দূৰৰ কথা৷ সেয়েহে বিজেপি চৰকাৰে সুবিধা আৰু আৱশ্যক অনুযায়ী তাক উলংঘা কৰি থাকে৷

Apply Now

 

লেখকৰ দূৰভাস : ৯৪৩৫০৯০৮৯৯

দ্বিপেন কাকতি

দ্বিপেন কাকতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd