বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ শালনা আঞ্চলিক বন বিষয়াৰ

নগাঁও জিলাৰ চামগুৰিত বন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ সময়তে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলত তথা চামগুৰিৰ লালপাহাৰত ব্যাপক বনধ্বংস কাৰ্য চলি আহিছে।

বৃহস্পতিবাৰে পুৱতি নিশা কঠালগুৰি উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ কাষতে দুৰ্বৃত্তৰ এটা দলে এজোপা বৃহৎ গছ কাটি পাহাৰৰ কাষৰ নৈ পথেৰে গছজোপা গোপনে সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।

ঘটনাৰ খবৰ পাই বাতিৰ সংগ্ৰহৰ বাবে সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ পাছতেই ততাতৈয়াকৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ কাটি থোৱা গছজোপা জব্দ কৰে।

সেই সময়তে বন বিভাগৰ পূৰ্বেই ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকৰ দলটোক আৰু খবৰ দিয়া স্থানীয় ৰাইজৰ ওপৰত খৰ্গহস্ত হৈ ভাৰপ্ৰাপ্ত শালনা আঞ্চলিক বন বিষয়া যাদৱ চন্দ্ৰ বৰাই দুৰ্ব্যৱহাৰ কৰে।

উল্লেখযোগ্য যে কৰ্তব্যৰত অৱস্থাত বিষয়া গৰাকীয়ে বনধ্বংস যজ্ঞ পৰিদৰ্শন কৰাৰ পৰিৱৰ্তে সেৱনৰ বাবে ধপাঁত জাতীয় সামগ্ৰী প্ৰস্তুত কৰি থকাৰ দৃশ্যাংশ সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি সাংবাদিকৰ সৈতে বাকযুদ্ধত লিপ্ত হয় বিষয়াগৰাকী।

ইয়াৰ পিছতেই বিষয়াগৰাকীয়ে অশ্ৰাব্য গালি গালাগজ কৰে সাংবাদিকৰ দলটোক। বিষয়া গৰাকীৰ এনে কাণ্ডৰ বাবে উপস্থিত স্থানীয় ৰাইজেও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।