এন আৰ চিৰ চূড়ান্ত খচৰাৰ আসোঁৱাহ পৰীক্ষাৰ নিৰ্দেশ দি হাজেলালৈ মহাপঞ্জীয়কৰ পত্ৰ

Upamanyu-Hazarika-570x320

অধিবক্তা উপমন্যু হাজজৰিকা। ফাইল ফটো

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই দাখিল কৰা এখন বিতং স্মাৰক-পত্ৰৰ ভিত্তিত ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। হাজৰিকাই স্মাৰক-পত্ৰৰ জৰিয়তে দৃষ্টিগোচৰ কৰা এন আৰ চি সংক্ৰান্তীয় আসোঁৱাহ আৰু বিসংগতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোৰ পৰীক্ষাৰ বাবে ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে  হাজেলালৈ পত্ৰখন প্ৰেৰণ কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰাত বহু ঘোষিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাকে ধৰি বিভিন্ন বিসংগতি পোহৰলৈ অহাৰ পিছত ৰাজ্যৰ বহুকেইটা দল-সংগঠন সৰৱ হৈ থকাৰ সময়তে বিষয়বোৰ পৰীক্ষা কৰাৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ মহাপঞ্জীয়কে।

মহাপঞ্জীয়কৰ পত্ৰখনত হাজেলাক এই পৰীক্ষাৰ অন্তত অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। উক্ত পত্ৰখনৰ এটা প্ৰতিলিপি অধিবক্তা উপমন্যু হাজৰিকালৈয়ো প্ৰেৰণ কৰিছে। যোৱা ৭ ছেপ্টেম্বৰত মহাপঞ্জীয়কৰ কাৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰখন বৃহস্পতিবাৰে লাভ কৰাৰ পিছত হাজৰিকাই এই বিষয়ে সংবাদ মাধ্যমত সদৰী কৰে।

উল্লেখযোগ্য যে  এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত ৰৈ যোৱা বিভিন্ন বিসংগতি আৰু আসোঁৱাহৰ কথা আঙুলিয়াই দি অধিবক্তা হাজৰিকাই যোৱা ২৬ আগষ্টত ভাৰতৰ মহাপঞ্জীয়কলৈ ১৬০ পৃষ্ঠাৰ স্মাৰক-পত্ৰখন প্ৰেৰণ কৰিছিল। বিভিন্ন জিলাত ধৰা পৰা বিসংগতিৰ তথ্য সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰা স্মাৰক-পত্ৰখনৰ জৰিয়তে অধিবক্তা হাজৰিকাই ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ক এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ এটা নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল।

হাজৰিকাই তেওঁৰ স্মাৰক পত্ৰখনত উল্লেখ কৰিছিল যে ৰাজ্যখনৰ সীমান্তৱৰ্তী আৰু প্ৰব্ৰজনকাৰী অধ্যুষিত জিলাকেইখনত পুনৰ পৰীক্ষণ কৰা দৰকাৰ, কাৰণ এই জিলাকেইখনত এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা আবেদনকাৰীৰ শতকৰা হাৰ ৰাজ্যিক হাৰতকৈ বহু বেছি। তেওঁৰ মতে ক্ষেত্ৰ পৰীক্ষণৰ সময়ত বহু বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। বিভিন্ন নথি-পত্ৰৰ পৰীক্ষা, বংশবৃক্ষৰ পৰীক্ষা আদি কৰাৰ পিছতো বহু জিলাত সহস্ৰাধিক ঘোষিত বিদেশী আৰু ‘ডি’ ভোটাৰৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে।

তদুপৰি, হাজৰিকাই লিগেচী ডাটা অমিল হোৱাৰ পিছতো বহু লোকৰ নাম তিনিজন স্থানীয় লোকৰ জবানবন্দীৰ ভিত্তিত এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি   উল্লেখ কৰিছিল। হাজৰিকাই উল্লেখ কৰা মতে এন আৰ চিৰ সকলো নথি-পত্ৰ ডিজিটাইজড কৰা হৈছে যদিও ক্ষেত্ৰীয় পৰীক্ষণৰ প্ৰতিবেদন আৰু জবানবন্দীৰ ডিজিটাইজেচন কৰা হোৱা নাই।