অতিশীৰ্ঘে নতুন বাহন পঞ্জীয়ন কৰাৰ সময়ত আপুনি অতিৰিক্ত ৪,৪০০ টকা আৰু পঞ্জীয়ন নবীকৰণৰ বাবে অতিৰিক্ত ৯,৪০০ টকা ভৰিব লগা হ’ব। বৰ্তমান বাহনৰ পঞ্জীয়ন আৰু নবীকৰণ কৰাৰ মাচুল হ’ল ৬০০ টকা।
কেন্দ্ৰীয় মন্ত্ৰণালয়ে ডিজেল আৰু পেট্ৰ’ল চালিত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু ইলেক্ট্ৰিক বাহনৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে গাড়ীৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰা বুলি ধাৰণা কৰা হৈছে।
দুচকীয়া বাহনৰ নতুন পঞ্জীয়নৰ ক্ষেত্ৰত পূৰ্বৰ ৫০ টকাৰ পৰিবৰ্তে নতুন পঞ্জীয়ন মাচুল হ’ব ১,০০০ টকা আৰু নবীকৰণৰ বাবে মাচুল হ’ব ২০০০ টকা।
কেবৰ ক্ষেত্ৰত নতুন পঞ্জীয়ন আৰু নবীকৰণৰ মাচুল হ’ব বৰ্তমানৰ ১,০০০ টকাৰ পৰিৱৰ্তে ক্ৰমে ১০,০০০ আৰু ২০,০০০ টকা।
পৰম্পৰাগত ইন্ধনেৰে পথত চলাচল কৰা যান-বাহনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আমদানিকৃত বাহনৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্য ৫,০০০ টকাৰ পৰিবৰ্তে ৪০,০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে খচৰা অধিসূচনাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
আমদানিকৃত মটৰ চাইকেলৰ বাবে পঞ্জীয়ন মূল্য বৰ্তমানৰ ২,৫০০ টকাৰ পৰিৱৰ্তে ২০,০০০ টকালৈ বৃদ্ধি পাব। আগন্তুক ৪০-৪৫ দিনৰ ভিতৰত চূড়ান্ত মাচুল সম্বন্ধে ঘোষণা কৰাৰ পূৰ্বে বিভিন্ন অংশীদাৰি গোটৰ প্ৰতিক্ৰিয়া পৰ্যালোচনা কৰা হ’ব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।
ইলেক্ট্ৰিক আৰু বেটাৰী চালিত বাহনৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্যৰ বিশেষ ৰেহাইৰ বাবে মন্ত্ৰণালয়ে ইতিমধ্যে এটা খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছে। তাৰোপৰি, পুৰণি বাহনৰ সলনি নতুন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্য বিনামূলীয়া কৰাৰো যো-জা চলোৱা হৈছে।
আনহাতে, ট্ৰাক, বাছ আদিকে ধৰি বাণিজ্যিক বাহনসমূহৰ নবীকৰণ মাচুল ২৭ গুণ বৃদ্ধি কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে যাতে মানুহে ১৫ বছৰ হোৱাৰ পাছত পুৰণি গাড়ীখন সলনি কৰি নতুন গাড়ী ক্ৰয় কৰে।
পেট্ৰ’ল আৰু ডিজেল চালিত বাহনসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ অন্তৰালত বাহনৰ ফিটনেছ পৰীক্ষা আৰু ১৫ বছৰতকৈ পুৰণা বাহনৰ ক্ষেত্ৰত বছৰত দুবাৰকৈ পৰীক্ষা কৰাৰ প্ৰস্তাব লোৱা হৈছে।
মন্ত্ৰণালয়ে বাহনৰ মেনুৱেল আৰু স্বয়ংক্ৰিয় ফিটনেছ টেষ্টৰ মাচুল বৃদ্ধি কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে। ১৫ বছৰ পুৰণি বাহনৰ গৰাকীয়ে নতুন ফিটনেছ প্ৰমাণপত্ৰ লাভ কৰাত ব্যৰ্থ হ’লে প্ৰতিদিনে অতিৰিক্ত ৫০ টকাকৈ আদায় দিব লাগিব।
ৰাজহুৱা যান-বাহনসমূহক প্ৰতিবন্ধী ফ্ৰেইণ্ডলি কৰাৰ অৰ্থে ফিটনেছ পৰীক্ষা কৰা এজেঞ্চিসমূহে বাহনখনত প্ৰতিবন্ধী ফ্ৰেইণ্ডলি ব্যৱস্থাসমূহ যেনে হুইল চেয়াৰ উঠাব পৰা সুবিধা, প্ৰতিবন্ধীক অগ্ৰাধিকাৰ দিয়া আদি উপলব্ধ হয় নে নহয় পৰীক্ষা কৰিব।