জানি থওক, কিমান বছৰৰ পুৰণি গাড়ী-বাইকৰ বাবে পঞ্জীয়ন খৰচ পৰিব ৮ গুণ অধিক!

Sell-__your-15-year-old-car-and-bike-before-October-otherwise-it

নতুন ইঞ্জিনযুক্ত গাড়ীৰ প্ৰসাৰ তথা পৰিৱেশ অনুকুল পৰিবহনৰ লক্ষ্য আগত ৰাখি যানবাহনৰ সুৰক্ষা নিশ্চিত কৰিব বিচৰা হৈছে। সেয়ে, অধিক পুৰণি গাড়ীৰ পঞ্জীয়নৰ খৰচ প্ৰায় ৮ গুণ বৃদ্ধি পাব বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি ১৫ বছৰৰ অধিক পুৰণি যানবাহনৰ পঞ্জীয়ন নবীকৰণৰ সময়ত অধিক খৰচ ভৰিব লাগিব।

সাধাৰণতে পঞ্জীয়নৰ খৰচ ৬০০টকা হয় যদিও ১৫ বছৰ বা তাতকৈ অধিক পুৰণি হ’লে তাৰ খৰচ ৫০০০টকা হ’ব। এই নতুন নিয়মে চাৰিচকীয়া বাহনৰ লগতে মটৰচাইকেলকো সামৰি ল’ব।

লগতে পঢ়ক: ইটালীয়ে জব্দ কৰিলে পুটিন ঘনিষ্ঠ ৰাছিয়ান পুঁজিপতিৰ বিশাল প্ৰমোদতৰী; মূল্য কিমান জানেনে?

মটৰচাইকেলৰ ক্ষেত্ৰত সাধাৰণতে পঞ্জীয়নত ৩০০টকা লাগে যদিও ১৫বছৰতকৈ অধিক পুৰণি হ’লে সেয়া ১০০০টকা হ’ব।

সেইদৰে, বিদেশৰ পৰা আমদানি কৰা গাড়ীৰ ক্ষেত্ৰত পঞ্জীয়নত সাধাৰণতে ১৫,০০০টকা লাগে যদিও সেই গাড়ী ১৫ বছৰৰ অধিক পুৰণি হ’লে তাৰ পঞ্জীয়নৰ বাবে ৪০,০০০টকা ভৰিব লাগিব।