পুনৰ Jioৰ ধামাকা! গ্ৰাহকৰ বাবে জিঅ’ই আগবঢ়াইছে পাঁচটা লোভণীয় প্লেনৰ অ’ফাৰ

WhatsApp-Image-2020-09-12-at-12.17.14-PM-750x375

ৰিলায়েন্স জিঅ’ই ইয়াৰ গ্ৰাহকসকলক ৱৰ্ক ফ্ৰম হোমৰ পৰা আৰম্ভ কৰি আইপিএলৰ আনন্দ উপভোগ কৰালৈকে সকলোতে ইন্টাৰনেট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে।

বাকী টেলিকম সংস্থাসমূহেও তেওঁলোকৰ গ্ৰাহকক আকৰ্ষণীয় প্লেন উপহাৰ দিবলৈ চেষ্টা কৰি আহিছে। কিন্তু জিঅ’ই প্ৰতিবাৰেই সকলোকে চেৰ পেলাইছে।

প্ৰিপেইড গ্ৰাহকৰ পাছত এইবাৰ আইপিএলৰ বতৰত প’ষ্টপেইড গ্ৰাহকসকলৰ বাবেও জিঅ’ই লৈ আহিছে দুৰ্দান্ত অ’ফাৰ।

এইবাৰ Jio Postpaid Plusত এটা নহয়, কেইবাটাও প্লেন আছে। আন্তৰ্জাতিক কলৰ পৰা আৰম্ভ কৰি ৱেব প্লেটফৰ্মৰ ছাৱস্ক্ৰীপশ্যনলৈকে সকলো গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে।

এতিয়ালৈকে মুঠ পাঁচটা প্লেনৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত ৩৯৯টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কল আৰু এছএমএছ। লগতে প্ৰতিমাহে ৭৫জিবি ডাটা। ব্যৱহাৰ নোহোৱা সৰ্বাধিক ২০০ জিবি ডাটা আকৌ পৰৱৰ্তী মাহত ব্যৱহাৰ কৰিব পৰা যাব।

সেয়াই নহয়, এই প্লেনত ৰিচাৰ্জ কৰিলে নেটফ্লিক্স, এমাজন প্ৰাইম তথা Disney+ Hotstarৰ দৰে OTTপ্লেটফৰ্মৰ বহুতখিনি প্ৰগ্ৰেমো উপভোগ কৰিব পাৰিব।

ইয়াৰ উপৰি JioSaavn, JioCinema আৰু JioTVৰ দৰে প্লেটফৰ্মসমূহো গ্ৰাহকসকলে ব্যৱহাৰ কৰিব পাৰিব।

ইয়াৰ পাছতে আছে ৫৯৯, ৭৯৯, ৯৯৯ আৰু ১৪৯৯ টকাৰ প্লেন।

ইয়াৰে প্ৰথমটো প্লেনত বিলিং ছাইকেলৰ মাজত পোৱা যাব ১০০জিবি ডাটা। লগতে এটা অতিৰিক্ত ছীম কাৰ্ড দিয়া হ’ব যাতে ঘৰৰ আন সদস্যই সেইটো ব্যৱহাৰ কৰিব পাৰে।

গ্ৰাহকসকলে ৭৯৯টকাৰ প্লেনত ১৫০জিবি আৰু বাকী দুটা প্লেনত ৫০০জিবি ডাটা ব্যৱহাৰ কৰিব পাৰিব।

উক্ত প্লেনসমূহৰ জৰিয়তে জিঅ’ই প’ষ্ট পেইড গ্ৰাহকসকলৰ সকলো চাহিদা পূৰণৰ চেষ্টা কৰিছে।

গ্ৰাহকসকলে আন্তৰ্জাতিক ৰোমিঙৰ পৰা হাইস্পীড ইন্টাৰনেট সেৱালৈকে ইয়াত সকলো পাব।