চীনৰ সংস্থাৰ পৰা ভাৰতত TikTokৰ মালিকী স্বত্ত্ব ক্ৰয় কৰিব ৰিলায়েন্স জিঅ’ই!

Reliance-Jio-TikTok

অতি জনপ্ৰিয় হৈ পৰা এপ TikTokক আমেৰিকাৰ অধীনলৈ আনিবলৈ চেষ্টা চলোৱাৰ ক্ষেত্ৰত মাইক্ৰ’ছফটৰ লগতে টুইটাৰৰ নামো ওলাইছে।

ইয়াৰ মাজতে ভাৰতত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে চীনৰ সংস্থা বাইটডান্স।

বাতৰি অনুসৰি, বাইটডান্সৰ পৰা ভাৰতত টিকটকৰ মালিকী স্বত্ত্ব ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅ’ই।

আনুষ্ঠানিকভাৱে কোনোৱে মুখ খোলা নাই যদিও দুই পক্ষই ইতিমধ্য বিষয়টোক লৈ আলোচনাত মিলিত হৈছে।

ভাৰত-চীন সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ পাছতে চীনৰ সামগ্ৰী বৰ্জনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

চীনৰ বিভিন্ন সংস্থাৰ কেইবাটাও চুক্তি বাতিল কৰিছে ৰেইল বিভাগ তথা বিএছএনএলে।

সেয়াই নহয়, ভাৰতত ৫৯টা চীনা এপ নিষিদ্ধ কৰাৰ সিদ্ধান্তও লোৱা হয় যাৰ বিতৰত অন্যতম হৈছে টিকটক।

ভাৰতৰ এই নিষেধাজ্ঞাৰ ফলত টিকটকে প্ৰায় ৩০০কোটি টকাৰ ব্যৱসায়িক লোকচানৰ সন্মুখীন হয়। আনকি সংস্থাটোৰ কৰ্মীসকলে আন সংস্থাত চাকৰি বিচৰা আৰম্ভ কৰিছে।

এনে পৰিস্থিতিৰ পাছতে বাইটডান্সৰ চিইঅ’ কেভিন মেয়াৰে সংস্থাটোক উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে।

ভাৰতত বাইটডান্সৰ প্ৰায় ২০০০ কৰ্মী আছে আৰু তেওঁলোকৰ কথা ভাৱি সংস্থাটোৱে বিকল্প পথৰ কথাও চিন্তা কৰিছে।

ইপিনে, কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত কোনো বিবেচনাৰ কথা প্ৰকাশ কৰা নাই।

ইয়াৰ মাজতে বাইটডান্সে ভাৰতত ৰিলায়েন্স জিঅ’ৰ হাতত টিকটিক বিক্ৰী কৰি দিয়াৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰি দিছে।