NORTHEAST NOW (Assamese)

শীঘ্ৰেই বজাৰত জিঅ’ৰ 5G স্মাৰ্টফোন: উপলব্ধ হ’ব দহ হাজাৰ টকাতে!

August 23, 2022 6:48 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ আগশাৰীৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই শীঘ্ৰেই 5G স্মাৰ্টফোন মুকলি কৰাৰ সম্ভাৱনা আছে। প্ৰকাশিত তথ্য অনুসৰি, জিঅ’ই চলিত মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত ইয়াৰ 5G স্মাৰ্টফোন মুকলি কৰাৰ সম্ভাৱনা আছে।

জিঅ’ 5G ফোনৰ উপৰিও জিঅ’ই দেশৰ নিৰ্বাচিত চহৰসমূহত বহু প্ৰতীক্ষিত 5G সেৱা মুকলি কৰিব বুলিও আশা কৰা হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা অনুসৰি জিঅ’ই গুগলৰ সৈতে লগ হৈ 5G ফোনটো নিৰ্মাণ কৰিব।

উল্লেখ্য যে যোৱা বৰ্ষত টেলিকম প্ৰতিষ্ঠানটোৱে ইয়াৰ প্ৰথম স্মাৰ্টফোন জিঅ’ ফোন নেক্সট মুকলি কৰিছিল। জিঅ’ ফোন নেক্সটৰ দৰেই জিঅ’ 5G ফোনটোতো PragatiOS সংযোগ কৰা হৈছে বুলি প্ৰতিবেদনটোত কোৱা হৈছে।

এই নতুন স্মাৰ্টফোনটোত HD+ মানদণ্ডৰ সৈতে ৬.৫ ইঞ্চিৰ IPS LCD স্ক্ৰীণ থাকিব। এণ্ড্ৰইড চেণ্ট্ৰেলৰ এক প্ৰতিবেদন অনুসৰি, আহিবলগীয়া জিঅ’ 5G ফোনটো ৪ জিবি ৰেম আৰু ৩২ জিবি ষ্ট’ৰেজৰ লগতে অক্টা-কোৰ কোৱালকম স্নেপড্ৰেগন ৪৮০ 5G প্ৰচেছৰৰ দ্বাৰা চালিত হ’ব।

জিঅ’ ফোন নেক্সটৰ দৰেই এই 5G স্মাৰ্টফোনটোত সকলো সুবিধাৰ লগতে স্বয়ংক্ৰিয় গুগল এচিষ্টেণ্ট, ৰিড-এলাউড টেক্সট, গুগল লেন্সৰ জৰিয়তে তাৎক্ষণিক অনুবাদ, গুগল ট্ৰান্সলেট তথা অন্যান্য কিছু নতুন সুবিধা সংযোগ থাকিব।

স্মাৰ্টফোনটো কমেও ১৮ ৱাট ফাষ্ট চাৰ্জিঙৰ সুবিধাৰ লগতে ৫০০০ mAH বেটাৰিৰ ব্যৱস্থা থাকিব বুলিও প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। আনহাতে ইয়াত ১৩ মেগাপিক্সেল প্ৰাইমেৰী কেমেৰা আৰু 2 মেগাপিক্সেল মেক্ৰ’ কেমেৰাৰ ডুৱেল কেমেৰা প্ৰণালী আগবঢ়াব বুলি কোৱা হৈছে।

ভাৰতৰ বজাৰত গ্ৰাহকৰ বাবে ৰিলায়েন্স জিঅ’ৰ এই 5G স্মাৰ্টফোনটো ১০,০০০ টকাৰ ভিতৰতে উপলব্ধ হ’ব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে প্ৰতিবেদনটোত।

Related News