• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীক সুঁৱৰি আৱেগিক হৈ পৰিল জ্যেষ্ঠ ভাতৃ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 4, 2019 8:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু শ্বহীদ গৰাকীৰ পৰিয়ালৰ সহযোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পৰিয়ালৰ বাসভৱনৰ সন্মুখত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে ৰংপুৰ সাহিত্য সভাৰ সভাপতি মনোজ বৰঠাকুৰে।

স্মৃতিচাৰণ সভাখনত উদ্ধোধক হিচাপে উপস্থিত থাকি শিৱসাগৰ সাহিত্য সভাৰ সভাপতি  দিলিপ বুঢ়াগোহাঁয়ে কয় যে, ‘ৰঞ্জিত বৰপূজাৰীৰ দৰে চিৰ নমস্য শ্বহীদৰ ত্যাগৰ বাবেই আজি আমি আইৰ মুখৰ শুৱলা মাতটো হেৰুওৱা নাই। ৰঞ্জিত বৰপূজাৰী ,সূৰ্য বড়া আৰু মুজাম্মিলৰ ত্যাগক নৱ প্ৰজন্মৰ সন্মুখত চিনাকী কৰি দিয়াৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে।’

বিশিষ্ট সমালোচক, সাহিত্যিক অৰুণ গোস্বামীয়ে  মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰি শ্বহীদ গৰাকীৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সাহিত্যিক গৰাকীয়ে কয় যে, ‘অসমত অস্তিত্ব ৰক্ষাৰ আন্দোলন বহু হ’ল কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি আমাৰ ভাষাটোৰ অস্তিত্বকে জীয়াই ৰাখিব পৰা নাই।’

লগতে গোস্বামীয়ে অসমত আজি নৱ প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে অসমীয়া ক’বলৈ দ্বিধাবোধ কৰে বুলি আক্ষেপ প্ৰকাশ কৰি চৰকাৰৰ বৰ ঘৰ দিছপুৰতে অসমীয়া লিপি নচলে বুলিও কয়।

অসম সাহিত্য সভাকো তীব্ৰ সমালোচনা কৰি অৰুণ গোস্বামীয়ে ভাষা আন্দোলনৰ শ্বহীদ গৰাকীৰ পৰিয়ালৰ নিজ বাসভৱনৰ সন্মুখত স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰাৰ সলনি অসম সাহিত্য সভাই নিজা উদ্যোগত কিয় শ্বহীদ গৰাকীৰ সোঁৱৰণি অনুষ্ঠান পতাত আজিকোপতি অপাৰগতা প্ৰকাশ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে।

ৰঞ্জিত বৰপূজাৰীৰ জ্যেষ্ঠ ভাতৃ তথা শিৱসাগৰ উকীল সন্থাৰ সভাপতি অজিত বৰপূজাৰীয়ে ভাতৃৰ মৃত্যু হোৱা দিনটোৰ কথা উল্লেখ কৰি আৱেগিক হৈ পৰে। শ্বহীদ গৰাকীৰ মৃত্যুৰ সময়ত অজিত বৰপূজাৰী দিল্লীত অধ্যয়ন কৰি আছিল বুলি উল্লেখ কৰি ভাতৃৰ মৃত্যুৰ বাবেই তেওঁ শিক্ষা সমাপ্ত নকৰাকৈয়ে অসমলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰে।

তাৰোপৰি ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুৰ সন্দৰ্ভত চৰকাৰে ঘোষণা কৰা ন্যায়িক তদন্তও ভেকুভাওনাতহে পৰিণত হৈছিল বুলি উল্লেখ কৰে অজিত বৰপূজাৰীয়ে। সেই সময়ৰ গুৱাহাটীৰ আৰক্ষী অধীক্ষক পিবি পাব্বীৰ নেতৃত্বত অহা পুলিচ বাহিনীয়ে ৰঞ্জিত বৰপূজাৰীক নিদাৰুণভাৱে হত্যা কৰাৰ পিছত এছপি পাব্বীৰ মন্ত্ৰণা অনুসৰিয়েই তেওঁৰ ভাতৃক গুৱাহাটীৰ বাঙালী সম্প্ৰদায়ৰ মানুহৰ ঘৰ জ্বলাবলৈ যোৱাৰ মিছা অপবাদ জাপি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি উল্লেখ কৰে অজিত বৰপূজাৰীয়ে।

ভাতৃৰ মৃত্যু সংক্ৰান্তীয় গোচৰৰ উকালতিৰ বাবে অসম চৰকাৰে অসমীয়া উকীল নিয়োগ নকৰি বিহাৰৰ পাটনা হাইক’ৰ্টৰ উকীল নিয়োগ কৰাৰ বিষয়টোৱে তেতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰি অজিত বৰপূজাৰীয়ে ন্যায়িক তদন্তৰ পিছত আদালতে পুলিচৰ গুলীৰ পৰিৱৰ্তে জোঙাল লো জাতীয় পদাৰ্থৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈহে তেওঁৰ ভাতৃৰ মৃত্যু হৈছিল বুলি আদালতে ৰায়দান কৰাৰ পিছত তেওঁৰ বেৰিষ্টাৰ পিতৃ হেমকান্ত বৰপূজাৰী মানসিকভাবে ভাগি পৰিছিল বুলিও উল্লেখ কৰে।

সভাত শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰকাশ কটকী, প্ৰেম  গগৈ, ৰঞ্জিত বৰপূজাৰীৰ ভতিজা বোৱাৰী ৰশ্মি শৰ্মা বৰপূজাৰী, সাংবাদিক সোমেশ ডেকাকে ধৰি বহু কেইজন বক্তাই ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মুকুল নাথৰ গল্প সংকলন ‘ধুলিয়ৰি সময়’ আৰু ৰংপুৰ সাহিত্য সভাৰ পত্ৰিকা ‘নৱমল্লিকা’ উন্মোচন কৰা হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd