আজিকালি দূৰদৰ্শনৰ সকলো অনুষ্ঠান চাব পৰা নানা তৰহৰ সৰঞ্জাম উপলব্ধ হ’ল। এনে সৰঞ্জামবোৰ হ’ল টিভি, লেপট’প, আইপেড, ম’বাইল ফ’ন আদি। শিশু সকল সমন্বিতে এইবোৰ সৰঞ্জাম সকলোৰে হাতে হাতে। ইয়াৰ ভিতৰত মোবাইল ফ’নৰ ক্ৰিয়াকলাপ সহজ আৰু ই আটাইতকৈ বেছি প্ৰচলিত দূৰদৰ্শনৰ সৰঞ্জাম। উল্লেখযোগ্য যে পিতৃ-মাতৃয়ে নিজৰ কাম কৰাৰ সময়ত শিশুক ওচৰতে খেলি থাকিবলৈ দিব লাগে। ডাঙৰ শিশু হ’লে কিবা কামত লগাই দিব লাগে। তাকে নকৰি শিশুটিয়ে দিগদাৰী দিব পাৰে বুলি ভাবি টিভিৰ আগত বহুৱাই ৰাখিলে বা ম’বাইল ফ’ন চাই থাকিবলৈ দিলে ই অভ্যাসত পৰিণত হ’ব আৰু এনে শিশুৱে পাছলৈ অতিৰিক্তভাবে দূৰদৰ্শন চোৱাৰ বেয়া ফল ভোগাৰ আশঙ্কা বেছি। ভাবি লোৱা কিছুমান কাৰণ উলিয়াই, নিজৰ সুবিধাৰ কাৰণে, কিন্তু অপকাৰী দিশটো নভবাকৈ পিতৃ-মাতৃয়ে এনে কৰাটো অনুচিত। শিশুৱে দূৰদৰ্শনৰ পৰ্দা চাই থকাটো কিমান সমীচিন হৈছে এইলৈ বিশ্ব ব্যাপী সকলোৰে মনত উদ্বেগ হৈছে আৰু সকলো চিন্তিত হৈছে। কাৰণ বৈজ্ঞানিক সমীক্ষাই ইয়াৰ ফল ভাল বুলি দেখুৱা নাই।
শৈশৱ কাল হৈছে শৈক্ষিক কাল। এই সময়ছোৱাত শিশুৱে নিজে যি শিকে বা প্ৰাপ্তবয়স্কৰ দ্বাৰা যি শিকোৱা হয় তাৰ ভিত্তিত এজন প্ৰাপ্তবয়স্কৰ সৃষ্টি হয়। কুমলীয়া শিশুৱে অন্বেষণ, গোন্ধ, স্পৰ্শৰ দ্বাৰা কথা শিকে। ডাঙৰ শিশুৰ কাৰণে সমনীয়াৰ লগত নিতৌ খেলা, সময়মতে পঢ়াশুনা কৰা, সমনীয়া আৰু প্ৰাপ্তবয়স্কৰ লগত কথা আলোচনা কৰা ইত্যাদি এটা স্বাস্থ্যসন্মত মানসিক বিকাশৰ কাৰণে প্ৰয়োজনীয়। সৰুৰে পৰা অতিৰিক্তভাৱে দুৰদৰ্শন উপভোগ কৰা শিশুৰ ক্ষেত্ৰত এনে বিকাশ সম্ভৱ নহয়। যদি দিনটোৰ বেছি ভাগ সময় দূৰদৰ্শনৰ অনুষ্ঠান চাই কটায় তেতিয়া দূৰদৰ্শনৰ পৰা প্ৰাপ্ত শিক্ষাৰ পৰিমান বেছি হ’ব। আৰু এনে শিশুৰ ক্ষেত্ৰত স্বাস্থ্য সন্মত মানসিক বিকাশ বাধাপ্ৰাপ্ত হয়।
দুৰদৰ্শনৰ অনুষ্ঠান সমূহৰ সকলোবোৰ যে বেয়া এনে নহয়। বাচনি কৰি উপভোগ কৰিব জানিলে বহুত কথা শিকিব পাৰে। বৈজ্ঞানিক সমীক্ষা মতে বয়স অনুসৰি প্ৰস্তাবিত সময়ৰ কাৰণে দূৰদৰ্শন উপভোগ কৰা শিশুৱে একেবাৰে দুৰদৰ্শন নোচোৱা বা বেছিকৈ চোৱা শিশুতকৈ পঢ়া- শুনাত ভাল ফল দেখুৱায়। বৰ্তমান চাৰিওফালে দূৰদৰ্শনৰ প্ৰসাৰতালৈ লক্ষ্য কৰিলে শিশুৰ ক্ষেত্ৰত দূৰদৰ্শনৰ পৰ্দাৰ পৰা শিশুক আতৰাই ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বানত পৰিণত হৈছে। তাতে আকৌ কিছুমান দূৰদৰ্শনৰ কাৰ্যক্ৰম শিশুৰ কাৰণে শিক্ষামুলক হয় আৰু আন কিছুমান শিশুৰ সামাজিক বিকাশত সহায়ক হয়। এই বিষয়টো বৰ্তমান চাৰিও দিশত এটা আলোচ্য বিষয় হৈছে। কিন্তু মনত ৰাখিবলগীয়া কথাটো হৈছে যে দুৰদৰ্শনৰ অনুষ্ঠান উপভোগ কৰি কথা শিকিবলৈ চেষ্টা কৰাতকৈ খেল ধেমালি কৰাটো উন্নয়নশীল মগজুৰ বিকাশৰ কাৰণে বেছি প্ৰয়োজনীয়। প্ৰস্তাবিত অনুমোদন অনুসৰি শিশুক দূৰদৰ্শনৰ যিকোনো ধৰণৰ পৰ্দা চোৱাৰ নিয়ম এনেধৰণৰ:
দুই বছৰ বয়সৰ তলৰ শিশুক একেবাৰে চাবলৈ দিব নেলাগে।
দুই বছৰ পুৰ হোৱাৰ পিছত ৫ বছৰ পুৰ হোৱালৈ দিনে ১ ঘন্টাৰ বেছি চাবলৈ দিব নেলাগে। আচলতে যিমান কম হয় সিমান ভাল। এই এঘন্টাৰ মাজত ২০ মিনিটৰ মুৰে মুৰে জিৰণী লৈ।
পাঁচ বছৰ বয়স পুৰ হোৱাৰ পাছত ১৮ বছৰ বয়সলৈ শিশুক প্ৰতি দিনত ২ ঘন্টাৰ বেছি মনোৰঞ্জনৰ অনুষ্ঠান উপভোগ কৰিবলৈ দিব নেলাগে। কিন্তু আধা ঘন্টাৰ মুৰে মুৰে জিৰনী লৈ।
উল্লেখযোগ্য যে ডাঙৰ শিশু আৰু যুৱক-যুৱতীৰ ক্ষেত্ৰত তেওঁলোকৰ বাঢ়ন আৰু বিকাশৰ লগত জৰিত দিনটোৰ আন আন কাম বোৰৰ লগত দূৰদৰ্শনৰ পৰ্দাৰ ব্যৱহাৰ আনুপাতিক হ’ব লাগে। আন কামবোৰ হ’ল খেলৰ মাধ্যমেৰে দিনে ১ ঘন্টা শাৰীৰিক ব্যায়াম, বয়স অনুযায়ী ব্যাঘাত নোহোৱাকৈ উপযুক্ত সময়ৰ টোপনি, স্কুলৰ কামৰ কাৰণে সময়, আহাৰ গ্ৰহণ কৰা, নিজৰ ভাল লগা কাম কৰিবলৈ আৰু পৰিয়ালৰ লগত কটাবলৈ কিছু সময়।
উল্লখযোগ্য যে শোৱাৰ সময় বয়স অনুসাৰে পৃথক। উদাহৰণ স্বৰূপে যুৱক-যুৱতীৰ ৰাতিৰ শোৱাৰ সময় ৮ – ৯ ঘন্টা হ’ব লাগে। যদি ইয়াৰে কোনো এটা কাম দূৰদৰ্শনৰ পৰ্দা ব্যৱহাৰৰ কাৰণে কৰিব পৰা নহয়, দূৰদৰ্শনৰ পৰ্দা ব্যৱহাৰৰ সময় অধিক হৈছে বুলি ধৰি পৰ্দা চোৱাৰ সময় কমাই দিব লাগিব।
অতিমাত্ৰা দূৰদৰ্শন পৰ্দা চোৱাৰ লক্ষণ কেনেধৰণেৰে প্ৰতিফলিত হয়
পৃথিবীজুৰি এই বিষয়ে হোৱা গবেষণাৰ ফলত এটা কথাত সকলোৱে একমত যে অতিমাত্ৰা দূৰদৰ্শন পৰ্দা ব্যৱহাৰে বিশেষকৈ কুমলীয়া শিশুৰ ক্ষেত্ৰত তাৎক্ষণিক আৰু সুদুৰ প্ৰসাৰী স্বাস্থ্যৰ হানি কৰিব পাৰে।
অতিমাত্ৰা সময় দূৰদৰ্শন পৰ্দাৰ ব্যৱহাৰ কৰিলে শিশুৰ হ’ব পৰা হানি সমুহ এনেধৰণৰ:
১) শাৰীৰিক স্বাস্থ্য: মেদবহুলতা, এলেহুৱা প্ৰবৃত্তি, টোপনিত ব্যাঘাত, মুৰৰ বিষ, চকুৰ বিকাৰ, ডিঙি, পিঠি আৰু হাতৰ সৰু গাঠিৰ বিষ।
২) মানসিক স্বাস্থ্য: কথা কোৱা দেৰি হোৱা, চঞ্চল মতি, খঙাল, যি বিচাৰে তৎক্ষনাত লগা মনোবৃত্তি, মনযোগ হ্ৰাস, ইন্টাৰনেটৰ যোগেদি অপকৰ্ম, সামাজিক মাধ্যমৰ প্ৰতি আসক্তি বৃদ্ধি, পৰ্ণ’গ্ৰাফিৰ মাধ্যমত যৌন অঙ্গ আৰু ক্ৰিয়াকলাপৰ বিষয়ে বিকৃত উপলব্ধি, ঔষধ, নিচা আদিৰ বিষয়ে অশুদ্ধ জ্ঞান, উদ্বেগ আৰু বিষণ্ণতা- এনেবোৰ প্ৰবৃত্তি দেখা যায়।
৩) সামাজিক: সামাজিক ব্যক্তিত্ব বিকাশ বাধাপ্ৰাপ্ত হয়।
৪) শিক্ষাগত: শিক্ষায়তনিক কৰ্মক্ষমতা হ্ৰাস কৰে।
ডিজিটেল যন্ত্ৰবোৰৰ পৰা শিশুৰ কিবা উপকাৰ হ’ব পাৰে নেকি?
ডিজিটেল যন্ত্ৰবোৰৰ ব্যৱহাৰে শিশুক কথা শিকিবলৈ উৎসাহ যোগায় আৰু জ্ঞান বঢ়ায়। বন্ধু আৰু পিতৃ-মাতৃৰ লগত যোগাযোগৰ এটা সুষম মাধ্যম হিচাবে কাম কৰে। লগ হৈ উপভোগ কৰিলে আৰু খেলিলে শিশুৰ আৰু পিতৃ-মাতৃৰ মাজত ভাল সম্বন্ধ গঢ়ি উঠে, আৰু দুয়ো পক্ষৰ বিনোদন আৰু বিশ্ৰাম হয়।
কিছুমান অনুষ্ঠান যেনে যোগৰ শিক্ষাই শিশুক স্বাস্থ্যকৰ অভ্যাস কৰিবলৈ আৰু কিন্দলে (kindle) পঢ়াৰ অভ্যাস গঢ়িবলৈ উদগনি দিয়ে। আকৌ ইউ টিউব আৰু ব্লগিং আদিয়ে শিশুক নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে।
স্বনিৰ্বাচিত কম্পিউটাৰ অনুষ্ঠান কিছুমান আছে যি শিক্ষাৰ অক্ষমতা থকা শিশুক শিক্ষাত সহায় কৰে আৰু কিছুমান শিশুৰ ক্ষেত্ৰত সামাজিক ব্যৱহাৰ উন্নীতকৰণত সহায় কৰে। (আৰু আছে)