মহাসাধকৰ মহাপ্ৰস্থান: টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান

Umakanta Bairagi

অসমৰ লোক-সংস্কৃতিৰ এগৰাকী অনবদ্য সাধক, টোকাৰী গীতৰ অঘোষিত সম্ৰাট উমাকান্ত বৈৰাগীৰ আজি দেহাৱসান ঘটে। আজি পুৱা প্ৰায় ৭.১০ বজাত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে লোক শিল্পীগৰাকীয়ে।

বাৰ্ধক্যজনিত ৰোগৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অসমৰ লোক-সংগীতৰ অন্যতম অংগ টোকাৰী গীতৰ চৰ্চাৰে এই শিল্পত এক নতুন ধাৰা সংযোজন কৰিছিল উমাকান্ত বৈৰাগীয়ে।

১৯৪২ চনত জন্মগ্ৰহণ কৰা উমাকান্ত বৈৰাগীৰ ককাদেউতাকো আছিল টোকাৰী গীতৰ এগৰাকী নিপুণ শিল্পী৷ ককাকৰ পথেৰেই টোকাৰী গীত আৰু দোতাৰাৰ প্ৰতি আকৃষ্ট হোৱা উমাকান্ত বৈৰাগী পিছলৈ টোকাৰী গীতৰ সম্ৰাট ৰূপে স্বীকৃত হৈ পৰে।

নৱ প্ৰজন্মৰ মাজত টোকাৰী গীতক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। অৱশ্যে টোকাৰী গীতৰ সমানেই তেওঁ আছিল বিহুনাচ, ভাওনা, দিহানাম আদি লোক-শিল্পৰ আন ক্ষেত্ৰসমূহৰো সাধক।

লক্ষণীয়ভাৱে, টোকাৰী গীত চৰ্চাৰ বাবেই সৈনিকৰ চাকৰিও প্ৰত্যাখ্যান কৰিছিল উমাকান্ত বৈৰাগীয়ে৷ প্ৰায় ১৪০০ টোকাৰী গীত ৰচনা কৰা লোক-শিল্পৰ এই পুৰোধা সাধকগৰাকীয়ে টোকাৰী গীতসমূহ দুখন পুথিৰ আকাৰত সংৰক্ষণ কৰি ৰাখে যদিও অৰ্থৰ অভাৱত ছপা কৰি প্ৰকাশ কৰিব পৰা নাছিল৷

উল্লেখ্য যে, ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই তেওঁক নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে৷ তেতিয়াৰে পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত তেওঁ টোকাৰী গীত নিয়মীয়াকৈ পৰিৱেশন কৰি আহিছিল৷ ২০১৩-১৪ চনত তেওঁক সংগীত নাটক একাডেমীৰে সন্মানিত কৰা হৈছিল।

তদুপৰি ভূপেন হাজৰিকা সংহতি বঁটা, প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানিত কৰা হৈছিল লোক-সংগীতৰ পুৰোধা সাধকগৰাকীক। তেখেতে অসম চৰকাৰৰ শিল্পী পেন্সন, সদৌ টাই আহোম সমাজৰ স্বীকৃতি বঁটা, আদি সন্মান লাভ কৰিছিল।

দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি থকা উমাকান্ত বৈৰাগী কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। অৱশেষত অসমীয়া লোক-সংস্কৃতিত এক অনন্য মাত্ৰা সংযোজন কৰি ৮০ বছৰ বয়সত জীৱন যুদ্ধত হাৰ মানে মাটিৰ শিল্পীগৰাকীয়ে।