• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাসাধকৰ মহাপ্ৰস্থান: টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2023 9:07 am
Umakanta Bairagi
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লোক-সংস্কৃতিৰ এগৰাকী অনবদ্য সাধক, টোকাৰী গীতৰ অঘোষিত সম্ৰাট উমাকান্ত বৈৰাগীৰ আজি দেহাৱসান ঘটে। আজি পুৱা প্ৰায় ৭.১০ বজাত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে লোক শিল্পীগৰাকীয়ে।

বাৰ্ধক্যজনিত ৰোগৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অসমৰ লোক-সংগীতৰ অন্যতম অংগ টোকাৰী গীতৰ চৰ্চাৰে এই শিল্পত এক নতুন ধাৰা সংযোজন কৰিছিল উমাকান্ত বৈৰাগীয়ে।

Apply Now

১৯৪২ চনত জন্মগ্ৰহণ কৰা উমাকান্ত বৈৰাগীৰ ককাদেউতাকো আছিল টোকাৰী গীতৰ এগৰাকী নিপুণ শিল্পী৷ ককাকৰ পথেৰেই টোকাৰী গীত আৰু দোতাৰাৰ প্ৰতি আকৃষ্ট হোৱা উমাকান্ত বৈৰাগী পিছলৈ টোকাৰী গীতৰ সম্ৰাট ৰূপে স্বীকৃত হৈ পৰে।

নৱ প্ৰজন্মৰ মাজত টোকাৰী গীতক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। অৱশ্যে টোকাৰী গীতৰ সমানেই তেওঁ আছিল বিহুনাচ, ভাওনা, দিহানাম আদি লোক-শিল্পৰ আন ক্ষেত্ৰসমূহৰো সাধক।

লক্ষণীয়ভাৱে, টোকাৰী গীত চৰ্চাৰ বাবেই সৈনিকৰ চাকৰিও প্ৰত্যাখ্যান কৰিছিল উমাকান্ত বৈৰাগীয়ে৷ প্ৰায় ১৪০০ টোকাৰী গীত ৰচনা কৰা লোক-শিল্পৰ এই পুৰোধা সাধকগৰাকীয়ে টোকাৰী গীতসমূহ দুখন পুথিৰ আকাৰত সংৰক্ষণ কৰি ৰাখে যদিও অৰ্থৰ অভাৱত ছপা কৰি প্ৰকাশ কৰিব পৰা নাছিল৷

উল্লেখ্য যে, ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই তেওঁক নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে৷ তেতিয়াৰে পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত তেওঁ টোকাৰী গীত নিয়মীয়াকৈ পৰিৱেশন কৰি আহিছিল৷ ২০১৩-১৪ চনত তেওঁক সংগীত নাটক একাডেমীৰে সন্মানিত কৰা হৈছিল।

তদুপৰি ভূপেন হাজৰিকা সংহতি বঁটা, প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানিত কৰা হৈছিল লোক-সংগীতৰ পুৰোধা সাধকগৰাকীক। তেখেতে অসম চৰকাৰৰ শিল্পী পেন্সন, সদৌ টাই আহোম সমাজৰ স্বীকৃতি বঁটা, আদি সন্মান লাভ কৰিছিল।

দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি থকা উমাকান্ত বৈৰাগী কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। অৱশেষত অসমীয়া লোক-সংস্কৃতিত এক অনন্য মাত্ৰা সংযোজন কৰি ৮০ বছৰ বয়সত জীৱন যুদ্ধত হাৰ মানে মাটিৰ শিল্পীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd