বিশিষ্ট আইনজ্ঞ, জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি

Nilay Dutta

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্তৰ দেওবাৰে কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১বছৰ।

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট আইনজ্ঞ নিলয় দত্ত এগৰাকী ক্ৰিকেট প্ৰশাসকৰ উপৰিও এগৰাকী ক্ৰিকেট আম্পায়াৰ আছিল।

উত্তৰ-পূব বাৰ এছ’ছিয়েশ্যনৰ অধ্যক্ষও আছিল নিলয় দত্ত।

নিলয় দত্ত তেওঁৰ পত্নী, কন্যা আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে কৰ্ণাটকৰ কুৰ্গত ৪৬সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ গৈছিল।

বাতৰি অনুসৰি, বুকুত যন্ত্ৰণা অনুভৱ কৰাৰ পাছত দত্তক ততাতয়াকৈ নিশা প্ৰায় আঢ়ৈ বজাত হাস্পাতললৈ নিয়া হয় যদিও তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা আৰু পুত্ৰক এৰি থৈ গৈছে। আজিয়েই বেংগালুৰুত তেওঁ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

বিশিষ্ট আইনজ্ঞ নিলয় দত্তৰ এনে আকস্মিক মৃত্যুত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল মৰ্মাহত হৈ পৰিছে।

অসমৰ সমাজ জীৱনৰ অন্যতম বিবেক স্বৰূপ নিলয় দত্তই মানৱ অধিকাৰৰ বিষয়ত সদায় সৰৱ আছিল। তদুপৰি, তেওঁ অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত সদায় মাত মাতিছিল।

এগৰাকী প্ৰকৃত জাতীয়তাবাদী তথা মানৱতাবাদী ব্যক্তি নিলয় দত্তৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।