অসমীয়া সাহিত্য জগতৰ বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান ঘটিছে। দেওবাৰে বিয়লি দুপৰীয়া ২:৩০ বজাত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য়িকগৰাকীয়ে। দীৰ্ঘদিন ধৰি কবিগৰাকী বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল। ৰবীন্দ্ৰ বৰা জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল।
সম্প্ৰতি কবিগৰাকীৰ নশ্বৰদেহ জিএমচিএইচৰ মৰ্গত ৰখা হৈছে৷ সোমবাৰে পুৱা ৯:৩০ বজাত কবিগৰাকীৰ নশ্বৰদেহ জুৰোডস্থিত অপূৰ্ব সিনহা পথৰ বাসগৃহলৈ নিয়া হ’ব। কাইলৈ পুৱা ১১ বজাত নৱগ্ৰহ শ্মশানত কবিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
ৰবীন্দ্ৰ বৰাই ১৯৩৯ চনৰ ২৫ ফেব্ৰুৱাৰীত তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল। অসমীয়া কাব্য-জগতৰ এগৰাকী প্রবীণ কবি বৰাই ষাঠীৰ দশকতে ‘ৰামধেনু’ যুগত কবি হিচাপে আত্মপ্রকাশ কৰি সুদীৰ্ঘ ছটা দশকজুৰি স্বকীয় কাব্য-সাধনাৰে আধুনিক অসমীয়া সাহিত্য জগতলৈ অতুলনীয় অৱদান আগবঢ়াই আহিছে।
ৰবীন্দ্ৰ বৰা নতুন প্ৰজন্মৰ কবিসকলৰ বাবে বিশেষ প্ৰেৰণাৰ উৎস আছিল৷ নতুন কবিসকলৰ কাব্য সাধনাক উৎসাহিত কৰাৰ বাবে তেওঁ কবিতাৰ সমালোচনাত সদায় ইতিবাচক দিশৰ উন্মোচন কৰাৰ চেষ্টা কৰিছিল।
ৰবীন্দ্ৰ বৰাই ‘অকলশৰীয়া ভয়’, ‘নিৰ্বাসিত সময়’, ’শইচৰ মানুহ’, ‘দুখৰ দিনৰ কঠিন শব্দবোৰে’, ‘দীৰ্ঘদিনৰ প্ৰস্তুতিৰে’, ‘ৰাতি ভাঙি আহে’, ‘ক’ৰবাত ৰ’দৰ গান’ ইত্যাদি কাব্যগ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। বৰাৰ দুখন গল্প সংকলনো প্ৰকাশ পাইছিল। তেওঁৰ প্ৰকাশিত একমাত্ৰ উপন্যাসখন হৈছে ‘দ্ৰৌপদী’।
কবি-সমালোচক তথা অসমীয়া সাহিত্যৰ এগৰাকী অক্লান্ত সাধক ৰবীন্দ্ৰ বৰাৰ মৃত্যুত তেওঁৰ অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰিছে।