• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ দুটি কবিতা- ডিটেনশ্বন আৰু খুচুৰা পদ্য

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
March 26, 2023 2:36 pm
225
VIEWS
Share on FacebookShare on Twitter

ডিটেনশ্বন

 

বহুত দিন কবিতাৰ দেখা-দেখি নাছিল।

মই ফেৰাৰ হোৱা বুলি ভাবিছিলোঁ।

পিছে এদিন কবিতা আহি ওলালহি।

গাত তাৰ চমতাৰ কোব।

সুধিলোঁ, কি হৈছে তোৰ?

সি সেহাই ক’লে,

মই ভাল কবিতা হ’ব খুজিছিলোঁ।

কিন্তু সিহঁতে টানি নি মোক সুমুৱাই থ’লে।

সুধিলোঁ, ক’ত আছিলি ইমান দিন?

সি চাৰিওফালে ভয়ে ভয়ে চালে,

মুখেৰে নামাতিলে।

আকৌ সুধিলোঁ, ক’ত আছিলি কবিতা?

কবিতাই কঁপি কঁপি ক’লে,

ইণ্টাৰ’গেশ্বন ৰূমত,

ডিটেনশ্বন কেম্পত।

মই তাক ৰক্ষণাবেক্ষণ দিব খুজিছিলোঁ।

কিন্তু কবিতাই ক’লে, আপুনি কেনেকৈ মোক ৰক্ষণাবেক্ষণ দি’ব?

পাৰিবনে, পাৰিবনে সঁচাকৈয়ে?

সৌ তাত এবাৰ চাই আহক।

মানৱতাক তাত মৃত্যুদণ্ড দিয়া হৈছে।

 

খুচুৰা পদ্য

 

গহনা

তুমি ইমান গহনা পিন্ধিছিলা যে

তোমাৰ গহনাৰ পোহৰে মোৰ চকু

চাত মাৰি ধৰিছিল

আৰু মই তোমাক নেদেখিলোঁ।

 

বাকপটু

আপোনাৰ বাক-বিক্ৰমত মোৰ

সন্দেহ নাই।

আপোনাৰ বাকপটু মুখৰ থুবোৰে

আপোনাৰ মুখ এনেকৈ ঢাকি ধৰে যে

আপোনাৰ চেহেৰা দেখা নাপায়।

চন্দুক

জানো, আপোনাৰ এটা চন্দুক আছে

আপুনি খোলে আৰু জপায়

চন্দুক নোটেৰে ভৰি যায়।

চন্দুক খোলা-জপোৱা কৰি থাকোঁতে

এটা নিগনি কেতিয়া সোমাল

আপুনি গম নাপালে।

আপুনি হিয়া ঢাকুৰি আছে।

কিন্তু কোনেও আপোনাক সান্ত্বনা দিবলৈ অহা নাই।

সিদিনা অলপ টকা ক’ম হওঁতে আপুনি

লগুৱাটোক ক’মকৈ মাৰিছিল নে!

Recent News

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ

১৩ বছৰীয়া কেৰিয়াৰ সামৰি এদিনীয়াৰ পৰা অৱসৰ ল’লে ক্ৰিকেটাৰ গ্লেন মেক্সৱেলে

১৩ বছৰীয়া কেৰিয়াৰ সামৰি এদিনীয়াৰ পৰা অৱসৰ ল’লে ক্ৰিকেটাৰ গ্লেন মেক্সৱেলে

বান-ভূমিস্খলনত বিপৰ্যস্ত ছিকিম, লাচুং-লাচেনত আৱদ্ধ সহস্ৰাধিক পৰ্যটক; এতিয়াও সন্ধানহীন ৮ জন

বান-ভূমিস্খলনত বিপৰ্যস্ত ছিকিম, লাচুং-লাচেনত আৱদ্ধ সহস্ৰাধিক পৰ্যটক; এতিয়াও সন্ধানহীন ৮ জন

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd