কাক ভোট দিব?

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

লোকসভাৰ এইবাৰৰ নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে। ভোট দিয়াটো ভোটাৰৰ অধিকাৰেই নহয়, ইয়াক কৰ্তব্য বুলিও গণ্য কৰিব লাগিব। ভোট দিয়াটো আইনৰ মতে বাধ্যতামূলক নহয়। কিন্তু প্ৰতি সমষ্টিৰ পৰা উপযুক্ত প্ৰতিনিধি নিৰ্বাচন কৰাটো সেই সমষ্টিৰ ভোটাৰসকলৰ সমূহীয়া দায়িত্ব। আৰু সেই দায়িত্বকেই প্ৰতিজন ভোটাৰে কৰ্তব্য হিচাবে লোৱা উচিত। সেয়ে ভোটাৰে বিচাৰ-বিবেচনা কৰিহে ভোট দিব লাগে। এই বিচাৰ-বিবেচনা কেনেকৈ কৰিব?

প্ৰাৰ্থীৰ উপযুক্ততা বিচাৰ কৰোঁতে একোটা সমষ্টিৰ ভোটাৰে নিজৰ দৃষ্টিকোণ সমষ্টিৰ পৰা আঁতৰাই বহল দৃষ্টিকোণ লৈ দোধোৰ-মোধোৰত নপৰিলেও হ’ব। কাৰণ প্ৰতি সমষ্টিৰ পৰা উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত হ’লে লোকসভাৰ মান উন্নত হ’ব। সমষ্টিৰ কাৰণে প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে যিবোৰ কথা বিবেচনালৈ অনা উচিত হ’ব, সেইবোৰ হ’ল, ১. সমষ্টিৰ সমস্যা আৰু প্ৰয়োজন সম্পৰ্কে প্ৰাৰ্থীৰ জ্ঞান কিমান? ২. তেওঁৰ সামাজিক ভাবমূৰ্তি কেনেকুৱা? ৩. তেওঁ সমষ্টিৰ সকলো অঞ্চল ভালকৈ চিনি পায়নে? ৪. জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ প্ৰতি দৃষ্টি সমাননে? ৫. তেওঁৰ আয়ৰ উৎস সন্দেহৰ উৰ্দ্ধতনে? ৬. যদি আগতে নিৰ্বাচিত হোৱা প্ৰাৰ্থী হয়, তেন্তে পূৰ্বৰ কাৰ্যকালত সমষ্টিৰ প্ৰতি তেওঁৰ সেৱা সন্তোষজনক আছিলনে আৰু সমষ্টিৰ সমস্যা সমাধানৰ বাবে তেওঁ মাত মাতিছিলনে? ৭. লোকসভাৰ  মজিয়াত তেওঁৰ উপস্থিতি নিয়মীয়া আছিলনে? আৰু ভূমিকা সক্ৰিয় আছিলনে? ৮. যিটো দলৰ তেওঁ সদস্য সেই দলটোৰ প্ৰতি ভোটদাতাৰ আস্থা আছেনে? ৯. সমষ্টিৰ ৰাজহুৱা কামত তেওঁ নিয়মীয়াকৈ যোগদান কৰেনে? ১০. যদি তেওঁ আগৰবাৰৰ নিৰ্বাচিত প্ৰতিনিধি হয়, তেওঁ পোৱা চৰকাৰী অনুদান উপযুক্ত কামত পৰিকল্পিতভাৱে আৰু পক্ষপাতহীনভাৱে ব্যৱহাৰ হোৱাৰ ব্যৱস্থা কৰিছিলনে?

প্ৰাৰ্থীয়ে সাধাৰণতে একোটা দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। কেতিয়াবা কোনো প্ৰাৰ্থী নিৰ্দলীয়ও হয়। নিৰ্বাচনৰ পিছত শাসনভাৰ আটাইতকৈ সৰহ আসন পোৱা দলৰ ওপৰত ন্যস্ত হয়। যি দলৰ কাম-কাজ, ভাৱমূৰ্তিয়ে সৰহীয়া জনমানসক আকৰ্ষণ কৰি আস্থা অৰ্জন কৰিব পাৰে সেই দলেই শাসনভাৰ পায়। গতিকে প্ৰতিজন ভোটাৰে প্ৰাৰ্থীৰ উপযুক্ততা বিচাৰ কৰাৰ উপৰিও সেই প্ৰাৰ্থীৰ দলটোৰ ভাৱমূৰ্তিও বিৱেচনা কৰিব লাগিব। দলৰ আদৰ্শৰ বিষয়ে ভোটাৰ সজাগ হোৱা দৰকাৰ। যি দলে সৰহ আসন লাভ কঁৰে পাঁচ বছৰলৈ সেই দলে শাসনভাৰ পায়। দলে সদনত গৰিষ্ঠ আসনৰ সমৰ্থন লাভ কৰিলেও সাংবিধানিক চাৰিসীমা অতিক্ৰম কৰি টোগলকী শাসন চলাব নোৱাৰে।

সংবিধানৰ নিৰ্দিষ্ট গণ্ডীক অতিক্ৰম কৰা শাসকৰ উচ্চাকাংক্ষা গণতন্ত্ৰৰ পৰিপন্থী। আমাৰ সংবিধান আমাৰ গণতন্ত্ৰৰ পৰিচালনাৰ বেদ। কিছুমানে এই সংবিধান সলোৱাৰ পৰিকল্পনাৰ ইংগিত খোলাখুলিকৈ দিব ধৰিছে। ইয়াক এক ষড়যন্ত্ৰ বুলি বিৱেচনা কৰা দৰকাৰ। আমাৰ গণতন্ত্ৰৰ মূল ভেটি সংবিধানক তাৰ মৌলিক গাঁথনিৰ পৰা খহাই নিয়াৰ গোপন পৰিকল্পনা যদি কাৰোবাৰ আছে, তেন্তে গণতন্ত্ৰৰ স্বাৰ্থতেই সেই পৰিকল্পনাত দৃঢ়তাৰে বাধা দিয়াৰ দায়িত্ব সমগ্ৰ দেশবাসীৰ। নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেদি যদি সংবিধান সলোৱাৰ কিবা পৰিকল্পনা কোনো মহলে কৰিছে, তেন্তে তেনে পৰিকল্পনা ৰাইজৰ দ্বাৰাই ব্যৰ্থ হ’ব লাগিব। যিহেতু এনে এটা পৰিকল্পনা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সুৰুঙাৰেও ঘটিব পাৰে, সেয়ে সজ্ঞান ভোটদানেৰে তাৰ সম্ভাৱনাক কলিতেই নষ্ট কৰিব লাগিব।

এনে এক পৰিৱেশত  চকু মুদি ই.ভি.এমৰ বুটাম নিটিপি বিচাৰ-বিবেচনা কৰিহে ভোটটো দিলে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ মজবুত হৈ ৰ’ব। ভোট দিয়াৰ সময়ত বিচাৰ-বিবেচনা নকৰাকৈ কেৱল প্ৰতিশ্ৰুতিৰ প্ৰলোভনত পৰি গণতান্ত্ৰিক দায়িত্বৰ কথা আমি পাহৰি যোৱা উচিত নহয়। ভোটাৰৰ ক্ষমতাৰ প্ৰকাশ সেই এবাৰেই ভোটদানৰ সময়ত ঘটে। স্বেচ্ছাচাৰিতাৰ সকলো সম্ভাৱনাক প্ৰতিহত কৰি ৰাইজৰ শক্তিক সাংবিধানিক নৈতিকতাৰ উপাদান কৰাৰ সুযোগো তেতিয়াই আহে।