NORTHEAST NOW (Assamese)

প্ৰতিথযশা কথাশিল্পী ড° প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান

April 6, 2024 2:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অসমীয়া সাহিত্যৰ পথাৰখন উকা কৰি মেলানি মাগিলে অসমীয়া সাহিত্যক তথা শিক্ষাবিদ ড° প্ৰণৱজ্যোতি ডেকাই৷আজি দিনৰ ১১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ড° ডেকাই৷মৃত্যুৰ সময়ত সাহিত্যকজনৰ বয়স আছিল ৮৫বছৰ৷বিগত বৰ্ষত ড° ডেকাক তেখেতৰ গল্পসংকলন ‘প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ  বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছিল৷

উল্লেখ্য যে, ১৯৩৯ চনৰ ২১ জুলাইত কলকাতাত প্ৰণৱ জ্যোতি ডেকাৰ জন্ম হৈছিল।ডেকাৰ পিতৃ আছিল প্ৰথমজন অসমীয়া ন্যায়াধীশ হলিৰাম ডেকা।ড° প্ৰণৱজ্যোতি ডেকাই ১৯৫৫ চনত গুৱাহাটীস্থ ড’নবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তদুপৰি ডেকাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

বিশিষ্ট সাহিত্যকজনৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল – সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প আদি…অন্যহাতে, পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী আদি ডেকাৰ উল্লেখযোগ্য প্ৰবন্ধ সংকলন।

Related News