বিশিষ্ট লেখিকা অনিতা বৰুৱাৰ পৰলোকপ্ৰাপ্তি

Anita Baruah

যোৰহাটৰ এসময়ৰ বিশিষ্ট চিকিৎসক প্ৰয়াত ড: মণি মাধৱ বৰুৱাৰ পত্নী, এগৰাকী বিশিষ্ট লেখিকা তথা শিশু-সাহিত্যিক অনিতা বৰুৱাৰ শুকুৰবাৰে দুপৰীয়া যোৰহাট নেহৰুৰ নিজা বাসভৱনত চৌৰাশী বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

দুমাহ পূৰ্বে কভিডত আক্ৰান্ত হৈ চিকিৎসাৰ পাছত সুস্থ হোৱাৰ পৰবৰ্তী কালত হোৱা অসুস্থতা হেতু তেওঁ নিজৰ ঘৰতে চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে।

মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী কন্যা, এজন পুত্ৰ যোৰহাটৰ বিশিষ্ট চিকিৎসক ড৹ স্যামন্ত মাধৱ বৰুৱা আৰু বহুতো গুণমুগ্ধক এৰি যায়।

১৯৩৮ চনত যোৰহাটৰ বড়িগাঁৱত জন্ম গ্ৰহণ কৰা অনিতা বৰুৱাই স্কুলীয়া দিনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁৰ শিশু-উপযোগী গল্প আৰু অন্যান্য লেখা অসমৰ কেইবাখনো আগশাৰীৰ বাতৰিকাকতৰ অকণিৰ শিতানত প্ৰকাশ হৈছে।

শিশু-সাহিত্যিক হিচাপে খ্যাতি লাভ কৰা অনিতা বৰুৱাৰ ইতিমধ্যে প্ৰকাশিত ‌শিশু-উপযোগী  কিতাপকেইখন হৈছে -সোণমণিৰ সোণালী শৈশৱ (২০০৩), অকণিৰ গল্প (২০০৫), অসমীয়া সাহিত্যিকৰ জীৱনী (২০০৬), গৌতম আৰু মালতীহঁতৰ কথা (২০০৯), আইতা আৰু সোণমণিহঁত (২০১০), এদিন মুকুট নগৰলৈ আহিছিল (২০১৩), লুইতে উজাই আহোঁতে (২০১৪), আইতা আৰু নাতিহঁত (২০১৬), মহৎ লোকৰ জীৱনী (২০১৮),  চম্পাৰ মৰমৰ ঘৰখন (২০১৯) আৰু ভাল মানুহৰ কথা (২০২১)।

শিশু-উপযোগী সাহিত্য ৰচনাৰ বাবে তেওঁ ১৯৯৩ চনত সদৌ অসম লেখিকা সংস্থাৰ পুৰস্কাৰ, ১৯৯৫ চনত একেটা সংস্থাই প্ৰদান কৰা বাণী পাঠক সোঁৱৰণী শিশু উপন্যাস পুৰস্কাৰ আৰু ২০০৬ চনত গোলাঘাটৰ পূণ্য বৰা স্মাৰক ন্যাসৰ শিশু-সাহিত্য পুৰস্কাৰো লাভ কৰিছে।

তেওঁক অসম চৰকাৰে ২০০৯ চনত এককালীন সাহিত্যিক পেন্সন প্ৰদান কৰে।

এগৰাকী গল্পকাৰ হিচাপেও পৰিচিত অনিতা বৰুৱাৰ প্ৰকাশিত গল্প সংকলন কেইখন হৈছে “অব্যক্ত বেদনা” (১৯৯৫), “সীমাৰ সিপাৰে” (২০০৫) আৰু “সোৱণশিৰি আজিও বৈ আছে” (২০১৬)।