Air pollution in India: বায়ু প্ৰদূষণৰ ফলত ৫ বছৰকৈ আয়ুস কমিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ!

প্ৰতিনিধিত্বমূলক ফটো।

বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় নাগৰিকসকলৰ আয়ুস কাল হ্ৰাস পাইছে। ভাৰতীয় লোকৰ স্বাস্থ্যৰ বাবে বৃহৎ ভাবুকি হৈ ধৰা দিছে প্ৰদূষণ। মাৰাত্মক প্ৰদূষণে প্ৰতিগৰাকী ভাৰতীয় লোকৰ জীৱনকাল পাঁচ বছৰলৈ হ্ৰাস কৰিব বুলি আশংকা প্ৰকাশ কৰিছে চিকাগো বিশ্ববিদ্যালয়ৰ বায়ু গুণমান জীৱন সূচক (একিউএলআই) প্ৰতিষ্ঠানে।

পৰিছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ হিচাপে পৰিগমিত হৈ পৰিছে দিল্লী। ইয়াত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭  মাইক্ৰ’গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১ গুণতকৈ অধিক।

প্ৰদূষণ মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদঘন্টা হিচাবে দেখা দিছে।  তথ্যত প্ৰকাশ পোৱা পৰিসংখ্যা অনুসৰি বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।

প্ৰতিনিধিত্বমূলক ফটো।

এইচ.আই.ভি.-এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি  হৈছে এই প্ৰদূষণৰ মাৰক ক্ষমতা।

বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি সৰ্বাধিক বিপদ নমাই আনিছে। প্ৰতিবেদন খনত সদৰী কৰা  হৈছে যে  ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪ শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে।

যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।

১৯৯৮ চনৰ পৰা ভাৰতৰ বতাহত গড় বাৰ্ষিক প্ৰদূষণ সৃষ্টিকাৰী কণিকা ৬১.৪  শতাংশ বৃদ্ধি হৈছে।

অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে। 

প্ৰতিনিধিত্বমূলক ফটো।

অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে। লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাব লগীয়া হ’ব পাৰে।

সেইদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ লোকে আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।