NORTHEAST NOW (Assamese)

প্ৰসিদ্ধ ব্ৰেণ্ড Reebok বিক্ৰী কৰিব adidasয়ে

October 23, 2020 9:00 am · এন ই নাও নিউজ

প্ৰসিদ্ধ ব্ৰেণ্ড ৰিব’ক বিক্ৰী কৰি দিবলৈ ওলাইছে ক্ৰীড়া পোছাক প্ৰস্তুতকাৰী জনপ্ৰিয় সংস্থা এডিডাছে।

ইয়াৰ পূৰ্বে এই ব্ৰেণ্ডটোক শেষবাৰৰ বাবে উজ্জীৱিত কৰি তোলাৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছতে এডিডাছে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

জাৰ্মানীৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে এই খৱৰ প্ৰকাশ কৰিছে ফ’ৰ্বছে।

বাতৰি অনুসৰি, ২০২১ৰ মাৰ্চৰ ভিতৰতে এডিডাছে ৰিব’ক বিক্ৰী কৰি দিব বিচাৰিছে।

ইয়াৰ বাবে কোম্পানীটোৰ এটা দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁলোকে আন কোম্পানীসমূহৰ সৈতে চুক্তি কৰিবলৈ চেষ্টা চলাইছে।

এডিডাছে ৰিব’ক বিক্ৰী কৰি প্ৰায় ২.৪ বিলিয়ন ডলাৰ পাব বুলি আশা ব্যক্ত কৰিছে এডিডাছৰ মুখ্য কাৰ্যবাহী কেস্পাৰ ৰ’ৰষ্টেডে।

আনহাতে, ৰিব’ক ক্ৰয় কৰিব বিচৰা কোম্পানীসমূহৰ মাজত আছে ভিএফ কৰ্প।

বাতৰি মতে, ৰিব’ক বিক্ৰীৰ খৱৰ ওলোৱাৰ পাছতে এডিডাছৰ শ্বেয়াৰ ৩.২ শতাংশ বৃদ্ধি পাইছে।

Related News