মৰাণ-মটকৰ জনজাতিকৰণ : কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰিব কেবিনেট উপ-সমিতিয়ে

24-08-18 Guwahati- cm discussion with of Matak & Moran Community

মৰাণ আৰু মটক জনগোষ্ঠীৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰাৰ মুহূৰ্তত। ফটো : ইউ বি

ৰাজ্যখনৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ বিভিন্ন দাবী সন্দৰ্ভত শুকুৰবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত জনগোষ্ঠী দুটাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৃথকে আলোচনাত মিলিত হয়। আলোচনাকালত মুখ্য মন্ত্ৰী সোণোৱালে মৰাণ আৰু মটক জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কয় যে ৰাজ্যখনৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চোৱাৰ বাবে ইতিমধ্যে তিনিজনীয়া কেবিনেট উপ-সমিতি এখন গঠন কৰা হৈছে।

সমিতিখনে বিষয়টো পুংখানুপুংখভাৱে ইতিমধ্যে আলোচনা কৰিছে আৰু শীঘ্ৰেই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ লগত আলোচনা কৰাৰ উদ্দেশ্য দিল্লীলৈ যাব। জনজাতিকৰণৰ লগত জড়িত হৈ থকা অন্যান্য বিভাগসমূহৰ সৈতেও এই সমিতিখনে আলোচনাত মিলিত হ’ব।

আনহাতে, মৰাণ ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনৰ সৈতে হোৱা আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে সদৰী কৰে যে সন্থাৰ দাবী অনুসৰি ৰাজ্য চৰকাৰে তিনিচুকীয়া জিলাত বদোচা কলাক্ষেত্ৰ নিৰ্মাণ কৰিব।

মুখ্য মন্ত্ৰীয়ে কয় যে মৰাণ জনগোষ্ঠীৰ জনসংখ্যা তথা সামগ্ৰিক পিয়লৰ বাবে ৰাজ্য চৰকাৰে এখন বিশ্ববিদ্যালয়ক দায়িত্ব প্ৰদান কৰিব। উজনি অসমক ভিত্তি কৰি তিনিচুকীয়াত এটা প্ৰশাসনিক  প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব। তদুপৰি কাৰিকৰী শিক্ষানুষ্ঠানকে ধৰি অন্যান্য শিক্ষানুষ্ঠানত যাতে জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ সুযোগ লাভ কৰিব পাৰে, তাৰ বাবে শিক্ষা বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে তেজীমলা পুখুৰী সংৰক্ষণৰ বাবে ইতিমধ্যে জাননী প্ৰকাশ কৰা হৈছে আৰু জনগোষ্ঠীটোৰ ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

আনহাতে, মুখ্য মন্ত্ৰীয়ে সদৌ অসম মটক সন্মিলনকে ধৰি মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে আন এক আলোচনাত মিলিত হয়। মটক জনগোষ্ঠীৰ দাবী অনুসৰি ঐতিহ্যপূৰ্ণ পুখুৰীসমূহ সংৰক্ষণৰ বাবে ইতিমধ্যে কেবিনেট প্ৰস্তাৱত অনুমোদন জনোৱা হৈছেবুলি আলোচনাকালত মুখ্য মন্ত্ৰীয়ে জানিব দিয়ে।

গুৱাহাটীত মটক ভৱন স্থাপনৰ বাবে ভূমিকে ধৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰু এই ভৱনৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টনৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰীয়ে ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিয়ে। তদুপৰি সৰ্বানন্দ সিংহকে ধৰি এই জনগোষ্ঠীৰ তিনিওগৰাকী পুৰোধাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

উক্ত জনগোষ্ঠী দুটাৰ সৈতে হোৱা আলোচনাৰ সময়ত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, সাংসদ প্ৰদান বৰুৱাকে ধৰি বিধায়কসকল ক্ৰমে সুৰেন ফুকন, বলীন চেতিয়া, বিনোদ হাজৰিকা আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। দুয়োটা সংগঠনে মুখ্য মন্ত্ৰীক তেওঁলোকৰ দাবী সম্বলিত একোখন স্মাৰক পত্ৰ প্ৰদান কৰে।