‘যৌন নিৰ্য্যাতনেৰে’ অৰ্ণৱ গোস্বামীক লাজত পেলালে অসমৰ সাংবাদিকে

anirudha-750x375

অভিযুক্ত সাংবাদিক অনিৰুদ্ধ ভকত চুতীয়া। ছবি- ফে’চবুকৰ পৰা।

অৰ্ণৱ গোস্বামীক অস্বস্তিত পেলাই এগৰাকী যুৱতী সাংবাদিকক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত হৈছে ৰিপাব্লিক টি ভিৰ অসমৰ সংবাদদাতা অনিৰুদ্ধ ভকত চুতীয়া।

গুৱাহাটীস্থিত যুৱতী সাংবাদিকগৰাকীৰ অভিযোগৰ ভিত্তিত দিচপুৰ আৰক্ষী থানাত যোৱা ১ ডিচেম্বৰত ভকতৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৪১ (আবদ্ধ কৰি ৰখা), ৩৯২ (ডকাইতি), ৩৫৪ (শালীনতা হানিৰ বাবে মহিলাক আক্ৰমণ বা জোৰ জবৰদস্তি), ৩২৩ (ইচ্ছাকৃতভাৱে আঘাত কৰা), ৫০৬ (অপৰাধমূলক ভীতি প্ৰদৰ্শন) আৰু ৩৪ (একে অভিপ্ৰায়েৰে কেইবাজনৰো সংগঠিত অপৰাধ) ধাৰাত এটা গোচৰ (৩৬৩৭/১৮) ৰুজু হৈছে।

দিচপুৰ আৰক্ষীয়ে অভিযুক্ত সাংবাদিকগৰাকীক ১ ডিচেম্বৰৰ ৰাতিয়ে আটক কৰিছিল যদিও পিছত ভাৰতীয় দণ্ডবিধিৰ ৪১ (এ) ধাৰাত তেওঁক মুকলি কৰি দিয়ে। অভিযুক্ত সাংবাদিকগৰাকীৰ এই মুক্ত বিচৰণৰ আঁৰত আছে ৰিপাব্লিক টিভিৰ “সাংবাদিক” পৰিচয়, ঘটনাটোৰ অনুসন্ধান কৰা নৰ্থ ইষ্ট নাও-ৰ সাংবাদিকৰ আগত এই অভিযোগ যুৱতী সাংবাদিকগৰাকীৰ।

“ৰাতিয়ে মোৰ ‘মেডিকেল’ পৰীক্ষা কৰোৱাৰ পিছত, প্ৰতিবেদনত সকলো উল্লেখ থকাৰ পিছত, তাক আৰু তাৰ লগৰটোক দিচপুৰ আৰক্ষীয়ে আটক কৰি অনাৰ পিছত কিয় এৰি দিলে?” যুৱতীগৰাকীৰ প্ৰশ্ন।

যুৱতীগৰাকীৰ এজাহাৰৰ প্ৰতিলিপি।

দিচপুৰ আৰক্ষীয়েও ঘটনাটোক লৈ মুখ খুলিব নোখোজা পৰিলক্ষিত হৈছে। গোচৰ ৰুজু কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত আৰক্ষীৰ ভূমিকাক লৈয়ো আঙুলি তুলিছে যুৱতী সাংবাদিকগৰাকী।

যুৱতীগৰাকীৰ অভিযোগ মতে ঘটনাৰ ৰাতি গুৱাহাটীৰ জয়ানগৰৰ এটা গলিত ডিঙিত চুৰি লগাই নিজৰ কোঠালৈ নি তেওঁক যৌন নিৰ্য্যাতন চলাইছিল অভিযুক্তজনে।

“মোক যিধৰণে চিঞৰ বাখৰ কৰাৰ পিছতো লৈ গৈছে আপুনি কিদনেপ বুলি ক’ব পাৰে। উঠাই নিয়াৰ পিছত molest কৰিছে। আৰু মই যেতিয়া চিঞৰ বাখৰ কৰিছো তেতিয়া টেঁটু চেপিছে, মাটিত বগৰাই পেলাইছে। লগত থকাজন মদ খাই একেবাৰে ক’ব নোৱাৰে।…বহু সময় যুঁজ-বাগৰৰ পিছত মই মোৰ মানুহক ফোনত যোগাযোগ কৰিব পাৰিলো। সিহঁতে ঘৰটোৰ গে’টত তলা লগাই থৈছিল। মোক গে’ট বগাই পাৰ হৈ তেওঁলোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি দিচপুৰ থানালৈ আনিছে,” ঘটনাৰ বিৱৰণী অভিযোগকাৰী সাংবাদিকগৰাকীৰ।

আনহাতে অভিযুক্ত সাংবাদিক অনিৰুদ্ধ ভকত চুতীয়াক যোগাযোগ কৰাত তেওঁ কিয় এই প্ৰশ্ন সুধিছে বুলিহে নৰ্থ ইষ্ট নাও-ক ওলোটাই প্ৰশ্ন কৰে। “মই একো মন্তব্য কৰিব নোখোজো। মোক কিয় সুধিছে? আপুনি এই বিষয়ে লিখিব খুজিছে নেকি?” এই প্ৰশ্ন ভকতৰ।