DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভূতপূৰ্ব! নাটকীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষৰ আসনত কেভিন মেককাৰ্থি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2023 1:29 pm
100
VIEWS
Share on FacebookShare on Twitter

Republican Kevin McCarthy picked US House speaker আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত বিগত ১০০ বছৰত এনে ঘটনা ঘটা নাই। সম্পূৰ্ণ নাটকীয়তাৰে ভৰা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নিৰ্বাচন। মঙলবাৰে সমাপ্ত হ’বলগীয়া নিৰ্বাচন শনিবাৰলৈকে চলিছিল। ৰিপাব্লিকান অধ্যক্ষ পদৰ প্ৰাৰ্থী কেভিন মেককাৰ্থিক ১৫ টা পৰ্যায়ৰ ভোটৰ পিছত অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। শেষবাৰৰ বাবে ১৯২৩ চনত দেশখনত এনে ঘটনা ঘটিছিল।

প্ৰতিনিধি সভালৈ অধ্যক্ষ নিৰ্বাচিত হ’বলৈ কমেও ২১৮ টা ভোটৰ প্ৰয়োজন। পৰিষদত ৰিপাব্লিকানসকলৰ সংখ্যাগৰিষ্ঠতা আছে। সেয়েহে, মেককাৰ্থীয়ে এটা সহজ বিজয় লাভ কৰাৰ কথা আছিল। কিন্তু পৰিষদত তেওঁৰ দলৰ এনে ২০ জন সদস্য আছে যি আৰম্ভণিৰ পৰাই মেককাৰ্থিক ভোট নিদিয়াৰ বাবে অটল আছিল। অৱশেষত মেককাৰ্থীয়ে তেওঁলোকৰ বহুতৰে মানভঞ্জন কৰি তেওঁৰ পক্ষত টানিবলৈ সক্ষম হয়।

লগতে পঢ়ক: আমেৰিকাত ২০ বছৰতকৈও অধিক কাল বন্দিত্বৰ পিছত মুকলি হ’ল বিশ্বৰ শীৰ্ষ গুপ্তচৰ আনা মণ্টেছ

অৱশ্যে এই মানভঞ্জন কৰাটো একেবাৰে সহজ নাছিল। ইয়াৰ বাবে মেককাৰ্থীয়ে কেইবাটাও প্ৰতিশ্ৰুতি দিব লগা হৈছিল, বহু বিষয় ৰেহাই দিব লগা হৈছে। ফলস্বৰূপে, প্ৰতিনিধি সভাত মেককাৰ্থিৰ ক্ষমতা হ্ৰাস পাই ৰক্ষণশীলসকলৰ প্ৰভাৱ বৃদ্ধি পাইছে।  

অধ্যক্ষৰ চকীত বহিবলৈ কেভিন মেককাৰ্থিয়ে কি প্ৰতিশ্ৰুতি দিছে? অধ্যক্ষৰ নিৰ্বাচনত বিৰোধী ৰিপাব্লিকানসকলক তেওঁৰ পক্ষলৈ আকৰ্ষিত কৰিবলৈ মেককাৰ্থীয়ে তেওঁলোকৰ এটা মুখ্য দাবী মানি ল’ব লগা হৈছিল। অৰ্থাৎ প্ৰতিনিধি সভাৰ যিকোনো সদস্যই বিচাৰিলে অধ্যক্ষৰ পদত্যাগৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ফলস্বৰূপে, বিষয়টো এনেকুৱা যে এই ভোট যিকোনো সময়তে হ’ব পাৰে। আৰু যদি কপাল বেয়া হয়, তেন্তে মেককাৰ্থি হাৰিবও পাৰে।

এজন সদস্যই অধ্যক্ষৰ পদত্যাগৰ বাবে ভোটৰ আহ্বান কৰিব পাৰে – এই আইন অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত আগতেও আছিল। যোৱা কেইবছৰমানত অধ্যক্ষৰ ক্ষমতা বৃদ্ধি কৰিবলৈ এই সংখ্যা পাঁচলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ বিদ্ৰোহী ৰিপাব্লিকান সদস্যসকলে কয় যে তেওঁলোকে তেওঁলোকক দিয়া নতুন সুযোগৰ অপব্যৱহাৰ নকৰে।

লগতে পঢ়ক:ম্যানমাৰৰ কাৰাগাৰত সংঘৰ্ষ: নিহত এজন, আহত ৬০জনৰো অধিক,পলাই গ’ল প্ৰায় ৭০ জন কাৰাবন্দী

প্ৰতিনিধি সভাত কোনো বিধেয়ক অনুমোদন কৰাৰ প্ৰক্ৰিয়া আছে। প্ৰথমে পৰিষদৰ এজন আইন প্ৰণেতাই এখন বিধেয়ক অনুমোদন কৰাৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছত এখন সমিতিয়ে ইয়াক পৰ্যালোচনা কৰে। সমিতিৰ অনুমোদনৰ পিছত ইয়াক অধিক সংশোধনৰ বাবে পৰিষদৰ সকলো সদস্যৰ সন্মুখত অনা হয়। অৱশেষত ইয়াক অনুমোদন জনোৱাৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়।

অৱশ্যে, দিনটো যোৱাৰ লগে লগে এই নিয়মো সলনি হৈছে। এতিয়া ডাঙৰ ডাঙৰ বিধেয়কসমূহৰ সিদ্ধান্ত লোৱা হয় ৰুদ্ধদ্বাৰ বৈঠকত। তাৰ পিছত সেইবোৰ কম সময়ৰ জাননী দি অনুমোদন জনোৱা হয়। মেককাৰ্থীয়ে প্ৰতিশ্ৰুতি দিছে যে এতিয়াৰ পৰা বিধেয়কবোৰ পূৰ্বৱৰ্তী প্ৰক্ৰিয়া অনুসৰি অনুমোদিত হ’ব। এনে কৰাৰ ফলত পৰিষদৰ সকলো সদস্যই বিধেয়কখনৰ ওপৰত তেওঁলোকৰ মতামত দিব পাৰিব।

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক

এতিয়া প্ৰশ্ন হৈছে মেককাৰ্থিৰ প্ৰতিশ্ৰুতিৰ ফলাফল কি হ’ব। প্ৰতিনিধি সভাৰ এখন বিধেয়কৰ অনুমোদন এক জটিল প্ৰক্ৰিয়া। তাৰ পিছত মেককাৰ্থিৰ প্ৰতিশ্ৰুতিৰ ফলস্বৰূপে পৰিষদৰ ভিন্নমত পোষণ কৰা সদস্যসকলে এতিয়া বিচাৰিলে বিধেয়কৰ অনুমোদন বাতিল কৰিব পাৰে। বিধেয়কখন অনুমোদন কৰাৰ ক্ষেত্ৰত পুৰণি প্ৰক্ৰিয়া অনুসৰণ কৰাটো হয়তো এটা ভাল পদক্ষেপ হ’ব পাৰে। কিন্তু অৱশেষত মেককাৰ্থিৰ বাবে ইয়াক সঠিকভাৱে ৰূপায়ণ কৰাটো কঠিন হ’ব পাৰে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd