‘ৰেচকিউ’ৰ উদ্যোগত শিৱসাগৰত বৃক্ষ ৰোপন কাৰ্যসূচী

শিৱসাগৰ জিলাৰ অন্যতম সামাজিক, সাংস্কৃতিক তথা প্ৰকৃতিপ্ৰেমী সংগঠন ৰেচকিউৰ উদ্যোগত ‘এভৰি চান ডে প্লেনটেশ্যন ডে’ শীৰ্ষক এক বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি দিনৰ প্ৰায় ১১ বজাত শিৱসাগৰ চহৰৰ সমীপৰ মেটেকা লাইমেকুৰী গাঁৱত মেটেকাবাসী ৰাইজৰ সহযোগত ৰূপায়ন কৰা উক্ত কাৰ্যসূচীত অঞ্চলটোত বিভিন্ন প্ৰজাতিৰ প্ৰায়  ৪০ জোপা গছপুলি ৰোপণ কৰা হয়।

‘ৰেচকিউ’ৱে প্ৰতি দেওবাৰে শিৱসাগৰৰ বিভিন্ন অঞ্চলত এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে। আজিৰ উক্ত  কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক ৰক্তদান শিবীৰত স্থানীয় ব্যক্তি আৰু ‘ৰেচকিউ’ৰ সদস্যসহ ৩০ জনৰো অধিক লোকে ৰক্ত দান কৰে।

আনহাতে প্ৰথমজন ভাৰতীয় হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰছব’ শ্বুটাৰ প্ৰতিযোগিতাত বিশ্বৰ ভিতৰত ২৪তম স্থান দখল কৰিবলৈ সক্ষম হোৱা চিৰঞ্জীত ৰাজকুমাৰক উক্ত অনুষ্ঠানতে ৰেচকিউৰ তৰফৰ পৰা সম্বৰ্দধনা জনোৱা হয়। তেওঁ ভাৰতৰ কনিষ্ঠতম ক্ৰছব’ শ্বুটাৰৰ বিচাৰক।

ইয়াৰোপৰি অনুষ্ঠানৰ অংশ হিচাপে শিৱসাগৰ নগৰৰ বৰ্ডিং ৰোডত আজি আৱেলি প্ৰায় ২৫ জোপা গছপুলি ৰোপয়ণ কৰা হয়।

আজিৰ অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা ৰেচকিউৰ উপদেষ্টা বলিন দেউৰীকে ধৰি সংগঠনটোৰ আন আন সদস্যসকলে অংশগ্ৰহণ কৰে।