কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ শোণিতপুৰত উদ্ধাৰ এমহীয়া হাতীৰ পোৱালি

baby jumbo

শোণিতপুৰ জিলাৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা এটা বনৰীয়া হাতীৰ পোৱালি আজি বিয়লি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হয়।

প্ৰাপ্ত তথ্য মতে জাকৰ পৰা বিচ্ছেদিত উক্ত এমহীয়া মতা হাতী পোৱালিটোক প্ৰথমে ফুলবাৰী চাহ বাগিচাৰ আমাৰীবাৰী শাখাৰ ২২ নং লাইনত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত বন বিভাগক এই সম্পৰ্কে জনোৱাত বন বিভাগৰ লোকে হাতী পোৱালিটোক উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ আনে।

সম্প্ৰতি উক্ত কেন্দ্ৰটোতে থকা হাতী পোৱালিটোৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই বুলি কেন্দ্ৰটোৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰীয়ে জানিবলৈ দিয়ে।

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোতে এতিয়া কনমানি হাতী পোৱালিটোক প্ৰতিপালন কৰা হ’ব।