সমীক্ষাৰ চাঞ্চল্যকৰ দাবী, পূৰ্বৰ প্ৰজন্মৰ তুলনাত তৰুণ-তৰুণীৰ মাজত হ্ৰাস পাইছে যৌনতাৰ চাহিদা!

পিতৃ-মাতৃৰ প্ৰজন্মৰ তুলনাত তৰুণ-তৰুণীৰ মাজত যৌনতাৰ আকৰ্ষণ হ্ৰাস পাইছে! অৰ্থাৎ আগৰ প্ৰজন্মই সেই বয়সত যি হাৰত দেহজ খেলাত মত্ত হৈছিল, আজিৰ যুৱ প্ৰজন্ম তেওঁলোকৰ তুলনাত বহু পিছ পৰি আছে। এটা সমীক্ষাত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই দাবী এক স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত কৰা হৈছে।

গৱেষকসকলে কয় যে এফালে যুৱ প্ৰজন্মৰ মাজত মদ্যপানৰ ধাৰা কমি আহিছে। আনহাতে, মানসিক স্বাস্থ্যজনিত সমস্যাতো ভুগিছে।

কিন্তু তাতোকৈ বেছি কম্পিউটাৰ গেম আৰু ছচিয়েল মিডিয়াৰ প্ৰতি আসক্তিয়ে তেওঁলোকৰ স্বাভাৱিক যৌন জীৱনত প্ৰভাৱ পেলাইছে। এই সমীক্ষা আমেৰিকাৰ কেলিফৰ্ণিয়াৰ যুৱক-যুৱতীসকলৰ ওপৰত কৰা হৈছিল।

পৰিসংখ্যাৰ মতে Covid-19-এ বহু হিচাপ নিকাচ ওলোটা কৰি পেলাইছে। লকডাউন আৰু সামাজিক দূৰত্বৰ বাবে প্ৰেমাষ্পদৰ ডেটিং কঠিন আৰু ৰিস্কি হৈ পৰিছিল।

কিন্তু তাৰ আগতেও নৱপ্ৰজন্মৰ মাজত যৌনতাৰ অৱনতি ঘটিছে বুলি কোৱা হৈছে। ২০১১ চনত কেলিফৰ্ণিয়াৰ ১৮-৩০ বছৰীয়া লোকৰ ভিতৰত ২২ শতাংশই বছৰত কাৰো সৈতে যৌন সম্পৰ্ক স্থাপন নকৰা বুলি কয়। ২০১৯ চনত ইয়াৰ হাৰ ২৯ শতাংশলৈ বৃদ্ধি পায়। ২০২১ চনত অৰ্থাৎ দুবছৰমানৰ ভিতৰত অভাৱনীয়ভাৱে ই ৩৮ শতাংশলৈ বৃদ্ধি পাইছে! ইউচিএলএৰ কেলিফৰ্ণিয়া হেল্থ ইন্টাৰভিউ চাৰ্ভেৰ এক পৰিসংখ্যাই তেনেকৈয়ে দাবী কৰিছে।

এনে পৰিসংখ্যাৰ বিষয়ে কওঁতে যৌন বিজ্ঞানী এৰিন টিলমেনে কয় যে এই লিংগহীন ধাৰাৰ ফলত অপৰিকল্পিত গৰ্ভধাৰণ বা যৌন সংক্ৰামক ৰোগৰ হাৰ হ্ৰাস পাইছে।

লগতে তেওঁৰ দাবী,  মুঠতে মই ইয়াৰ বাবে চিন্তাৰ একো দেখা নাই। কাৰণ এতিয়া যুৱক-যুৱতীসকলে ইজনে সিজনৰ লগত সংযোগ স্থাপনৰ আন উপায় বিচাৰি পাইছে।