• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 6, 2025 11:25 am
94
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিয়ে পুনৰ ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে (৬ জুন) আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰেপো ৰেট ৫০ বেচিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

ইয়াৰ ফলত ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট ৬ শতাংশৰ পৰা ৫.৫০ শতাংশলৈ হ্ৰাস পাইছে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিৰ বৈঠক ৪ জুনৰ পৰা ৬ জুনলৈ চলি আছে। তাতে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এই বছৰ আৰ বি আইয়ে মুঠ তিনিবাৰকৈ ৰেপো ৰেট হ্ৰাস কৰিছে। প্ৰথম দুবাৰ ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল। এইবাৰ ৫০ বেচিছ পইণ্ট হ্ৰাস কৰা হৈছে।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ৰেপো ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল। ইয়াৰ বাবে ৰেপো ৰেট ৬.২৫ শতাংশৰ পৰা ৬ শতাংশলৈ হ্ৰাস পায়। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহতো ৰেপো ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল। ইয়াৰ বাবে ২০২৫ চনত ৰেপো ৰেট ১০০ বেছিছ পইণ্ট বা ১ শতাংশ হ্ৰাস পায়।

ৰেপো হাৰ হ্ৰাস কৰাৰ অৰ্থ কি? ৰেপো ৰেট হৈছে এক প্ৰকাৰৰ সুতৰ হাৰ। এই হাৰত আৰ বি আইয়ে দেশৰ বিভিন্ন বাণিজ্যিক বেংকক ধন ধাৰে দিব পাৰে। এই হাৰ হ্ৰাসৰ অৰ্থ হ’ল বেংকে আৰ বি আইৰ পৰা কম সুতৰ হাৰত ধন ঋণ ল’ব পাৰিব। যদি বেংকে কম সুতৰ হাৰত ধন ঋণ লয়, তেন্তে গ্ৰাহকক দিয়া ঋণৰ সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।

অৰ্থাৎ বিভিন্ন ধৰণৰ ঋণৰ সুতৰ হাৰ হ্ৰাস কৰিব পাৰি। সুতৰ হাৰ হ্ৰাস কৰিলে বিনিয়োগৰ বাবে ধন ধাৰে লোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ইয়াৰ বাবে ব্যৱসায় বৃদ্ধি আৰু বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় বৃদ্ধি কৰাটো সহজ হৈ পৰে। গতিকে এই পদক্ষেপক অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত ফলপ্ৰসূ বুলি বিবেচিত হৈছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd