NORTHEAST NOW (Assamese)

টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিস্থাপক সম্পাদক পূৰ্ণকান্ত বৰুৱা স্মাৰক গ্ৰন্থখন উন্মোচন

February 2, 2020 7:02 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিস্থাপক সম্পাদক প্ৰয়াত পূৰ্ণকান্ত বৰুৱাৰ সোঁৱৰণীত প্ৰকাশ কৰা স্মাৰক গ্ৰন্থখন আজি টীয়ক জ্যোতি বিদ্যাপীঠত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উন্মোচন কৰা হয়।

অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া তথা টীয়কৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডা০ মুখেশ্বৰ বৰাই স্মাৰক গ্ৰন্থখন উন্মোচন কৰে।

এই উপলক্ষ্যে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পূৰ্ণকান্ত বৰুৱাৰ স্মৃতিচাৰণ সমিতিৰ সভাপতি ড০ অকণ চন্দ্ৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আঁত ধৰে স্মৃতিচাৰণ সমিতিৰ সম্পাদক তথা টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানে।

উন্মোচনী সভাৰ পূৰ্বে প্ৰয়াত পূৰ্ণকান্ত বৰুৱাৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুস্পমাল্য অৰ্পণ কৰে সহধৰ্মিনী প্ৰণতি বৰুৱাই। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত পৰিয়ালবৰ্গৰ লগতে শিক্ষাবিদ হিমেন ভট্টাচাৰ্য, টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, শিক্ষক হেমন্ত বৰুৱা, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰন সম্পাদক জিতু নেওগ আদি উপস্থিত থাকে।

Related News