NORTHEAST NOW (Assamese)

সুচল হ’ল পাহাৰীয়া ৰে’লপথ, আৰম্ভ হৈছে পণ্যবাহী ৰে’লৰ চলাচল

July 19, 2019 2:36 pm · পংকজ কুমাৰ দেব
Updated: July 20, 2019 8:03 am
ফটো : নৰ্থইষ্ট নাও

দীৰ্ঘ আঠ দিনৰ মুৰত সুচল হ’ল লামডিং-বদৰপুৰ পাহাৰীয়া ৰে’লপথ। নেৰানেপেৰা বৰষুণৰ কাৰণে পাহাৰীয়া ৰে’লপথৰ জাতিঙ্গা লাম্পুৰ আৰু নিউ হাৰাঙ্গাজাও ষ্টেশ্যনৰ মাজত ট্ৰ্যাকৰ তলৰ মাটি খহি পৰাৰ ফলত যোৱা শুকুৰবাৰৰ পৰা ৰে’ল চলাচল ব্যহত হৈ পৰিছিল।

মাটি খহি পৰাৰ ফলত প্ৰায় এশ মিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে, প্ৰথম অৱস্থাত ৰে’ল বিভাগে আঠ ঘন্টাৰ কাৰণে সময় বিচাৰি কামত হাত দিয়াৰ পাছত সময় সীমা ৭২ ঘন্টা লৈ বৃদ্ধি কৰে।

কিন্তু বৰষুণ অব্যাহত থকাৰ বাবে ট্ৰ্যাক সূচল কৰাৰ কাম আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি হয়। ৰে’ল বিভাগৰ ফালৰ পৰা ১৬ জুলাই ডেটলাইন দিছিল যদিও পাছত সামগ্ৰিক পৰিস্থিতিৰ কথা বিবেচনা কৰি ১৯ জুলাই লৈ সময়সীমা বৃদ্ধি কৰা হয়।

শতাধিক ৰে’ল কৰ্মীৰ উপৰি ঠিকাদাৰী সংস্থাৰ কেইবা শতাধিক শ্ৰমিক আৰু ডাঙৰ আকৃতিৰ মেচিনেৰে দিনে নিশাই কাম কৰাৰ পাছত পথ সুচল কৰাটো সম্ভৱ হয়।

ইয়াৰ ফলস্বৰূপে ১৮ জুলাই অৰ্থাৎ যোৱা নিশাই ট্ৰ্যাক চাৰ্টিফিকেট পোৱাৰ লগে লগে পণ্যবাহী ৰে’লৰ চলাচল আৰম্ভ হয়। শেহতীয়া তথ্য অনুসৰি আজি নিশাৰ পৰাই যাত্ৰী বাহী ৰে’ল চলাচল হোৱাৰ সম্ভাৱনা আছে বুলি ৰে’ল সুত্ৰই জানিবলৈ দিয়ে।

উল্লেখ্য যে পাহাৰীয়া ডিমা হাচাও জিলাত ভূমিস্খলনৰ কাৰণে ৰে’ল সেৱা বিঘ্নিত হোৱাত পাহাৰ, বৰাকৰ উপৰি ত্ৰিপুৰাৰ সৈতে সামগ্ৰিক ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈছিল। কিয়নো লামডিং-বদৰপুৰ পাহাৰ লাইনটো এই বৃহৎ অঞ্চলৰ লাইফ লাইন হিচাপে আছে।

Related News