বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ-১৭ত বাহন চলাচলৰ নিষেধাজ্ঞাত কিছু শিথিলতা

বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ-১৭ৰ অধীনৰ চলন্তাপাৰাৰ পৰা নয়াগাঁও পৰ্যন্ত পথছোৱাত ১৬ জুনত জাৰি কৰা নিষেধাজ্ঞা কিছু পৰিমাণে শিথিল কৰা হৈছে ৷

সেই অনুসৰি ১৭ জুনত জাৰি কৰা নতুন নিৰ্দেশনামৰ্মে দিনৰ ১-৩০বজাৰ পৰা সামগ্ৰী কঢ়িওৱা গধুৰ যান-বাহন আৰু ডাঙৰ বাছ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ সংশোধিত নিৰ্দেশনামৰ্মে।

অৱশ্যে লঘু বাহন,ই-ৰিক্সা,দুচকীয়া বাহন আদি চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব।
উল্লেখ থাকে যে পুনৰ পানী বাঢ়িলে গধুৰ যান-বাহনৰ ক্ষেত্ৰতো সন্ধিয়া ৭-০০বজাৰ পৰা পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।