NORTHEAST NOW (Assamese)

পত্নীব্ৰতাৰ বিলৈ! বজাৰ কৰিবলৈ পত্নীৰ অদ্ভুত নিৰ্দেশনা; ভাইৰেল অসহায় আমোলাৰ পোষ্ট

September 16, 2024 12:24 pm · এন ই নাও নিউজ, গুৱাহাটী

‘অলপ হালধীয়া, অলপ ৰঙা।’ কোনো ফুটা থকা নহ’ব, কোনো নৰম হোৱা নহ’ব। ১.৫ কেজি ল’ব লাগিব’, বজাৰ কৰাৰ বাবে এনেকুৱা অদ্ভুত নিৰ্দেশনা কেতিয়াবা দেখিছেনে? তাতে যদি এই নিৰ্দেশ অৱসৰপ্ৰাপ্ত আমোলাক দিয়া হয়!

হয় আপুনি ঠিকেই পঢ়িছে… উক্ত নিৰ্দেশনাটো বিলাহীৰ বাবে আছিল। আলু, পিয়াঁজ, ভেণ্ডী, জলকীয়াৰ ক্ষেত্ৰতো একেধৰণৰ নিৰ্দেশনা আছে। এজন অৱসৰপ্ৰাপ্ত আমোলাক বজাৰ কৰিবলৈ পত্নীয়ে এই নিৰ্দেশনা দিছিল। যিটো এক্স হেণ্ডেলত পোষ্ট কৰি শ্বেয়াৰ কৰিছে আমোলাগৰাকীয়ে। তাৰ পিছতে এই পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

লগতে পঢ়কঃ মাত্ৰ সাত দিনতে কমিব ২ৰ পৰা ৩ কেজি ওজন; গৰমত চৰ্বি কমাবলৈ পালন কৰক এই টিপছ

আই এফ এছ (ভাৰতীয় বৈদেশিক সেৱা)ৰ অৱসৰপ্ৰাপ্ত বিষয়া মোহন পৰগায়নে ছবি নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, “মোৰ পত্নীয়ে মোক শাক-পাচলিৰ বজাৰলৈ যোৱাৰ সময়ত এইখন দিছিল, যাতে মই ইয়াক গাইড হিচাপে ব্যৱহাৰ কৰিব পাৰো।” লগতে এটা কৌতুহলৰ ইমোজিও যোগ কৰিছে।

বিলাহীৰ উপৰিও তেওঁৰ পত্নীয়ে আলুৰ ক্ষেত্ৰতো নিৰ্দেশ দিছিল যে মধ্যমীয়া আকাৰৰ হ’ব লাগিব, চকু থকা বা সেউজীয়া ৰঙৰ যাতে নহয়। আনকি তেওঁ পিঁয়াজ, পালেং শাক, ভেণ্ডী কেনেকুৱা হ’ব লাগিব তাৰ ছবিও আঁকি দিছিল। এনে বিচিত্ৰ বৰ্ণনা দেখি নেটজগত আমোলাৰ পত্নীৰ প্ৰশংসাৰে উপচি পৰিছে। তাৰোপৰি বহুতে ধেমালিতে পুৰুষসকলক সকীয়াইও দিছে।

 

 

পোষ্টটোত এজন মন্তব্যকাৰীয়ে লিখিছে, ‘বাহ, বৰ বিশদ বৰ্ণনাৰ প্ৰচেষ্টা। তেওঁক অভিনন্দন, কিন্তু এইটো তেওঁৰ স্বামীৰ বাবেও অলপ শংকাৰো কথা। কাৰণ ইয়াত ভুল কৰাৰ বাবে কোনো ক্ষমা নাথাকিব।’

আন এজনে লিখিছে, ‘এইটো শাক-পাচলিৰ বজাৰত নবীনসকলৰ বাবে সঁচাকৈয়ে সহায়ক হ’ব।’ এজনে ধেমালিতে কৈছে, ‘এইখন দেখাত মহান পণ্ডিতসকলে লিখা ধৰ্মীয় গ্ৰন্থৰ দৰে যেন লাগিছে। কিবা এটা ভুল হ’লেই ভয়ংকৰ কথা হ’ব।’

Related News