NORTHEAST NOW (Assamese)

কৃষ্ণাইৰ বিশিষ্ট সমাজ সেৱক তথা শিক্ষক দছিমুদ্দন হাজৰিকাৰ পৰোলকপ্ৰাপ্তি

November 28, 2018 10:59 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বিশিষ্ট সমাজ সেৱক দছিমুদ্দিন হাজৰিকা (৫২)ৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। কৃষ্ণাইৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে প্ৰয়াত হাজৰিকা ওতঃপ্ৰোতভাবে জড়িত  আছিল।

পেছাত এগৰাকী শিক্ষক প্ৰয়াত হাজৰিকা কৃষ্ণাই সচেতন নাগৰিক মঞ্চৰ সভাপতি, কৃষ্ণাই আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি, জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যকে ধৰি আৰু বিভিন্ন দায়িত্ব পালন কৰিছিল।

উল্লেখযোগ্য যে বহুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত দছিমুদ্দিন হাজৰিকা বিগত ৰঙালী বিহুৰ সময়ত এদল দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হৈ মৃত্যুৰ দিনালৈকে চিকিৎসাধীন অৱস্থাত থাকিবলগীয়া হৈছিল।

প্ৰনিধান যোগ্য যে কৃষ্ণাই আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতিৰ দায়িত্বত থকা হাজৰিকাই বিহু উদযাপনৰ বাবে বৰঙনি সংগ্ৰহ কৰিবলৈ গৈ পাইকানৰ আৰ্চাদ নাৰ্চাৰীত দুষ্কৃতিকাৰীৰ আক্ৰমণত আন পাঁচজন লোকৰ সৈতে গুৰুতৰভাবে আহত হৈছিল৷ আৰু তেতিয়াৰ পৰা চিকিৎসাধীন হৈ থকা হাজৰিকাৰ আজি পুৱা ১০ বজাত পৰলোকপ্ৰাপ্তি হয়৷

তেওঁৰ মৃত্যুত জিলা অগপ, কৃষ্ণাই প্ৰেছ ক্লাব, কৃষ্ণাই ব্যৱসায়ী সন্থা, জিলা ক্ৰীড়া সন্থা, সচেতন নাগৰিক মঞ্চ কৃষ্ণাই,ম ধ্য ইংৰাজী শিক্ষক সন্থা, কৃষ্ণাই ঠেলা মুটীয়া সন্থা আদিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰয়াত হাজৰিকাৰ প্ৰতি সন্মান জনাই কৃষ্ণাই ব্যৱসায়ী সন্থাই আজি দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সমগ্ৰ কৃষ্ণাই বজাৰত বন্ধ ঘোষণা কৰে। মৃত্যুৰ সময়ত দুজনী জীয়ৰীসহ শিক্ষয়িত্ৰী পত্নীক হাজৰিকাই ইহ সংসাৰত এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে।

Related News