NORTHEAST NOW (Assamese)

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

May 23, 2025 9:23 am · এন ই নাও নিউজ, গুৱাহাটী

‘বহু বছৰ ধৰি মই মাৰ বাবে সময় উলিয়াব পৰা নাছিলো। অৱসৰ লোৱাৰ পিছত তেওঁৰ সৈতে সময় কটাম।’ বুধবাৰে বিদায় অনুষ্ঠানৰ ঠিক পূৰ্বে এইদৰে কয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকাই। কিন্তু তেওঁ গম পোৱা নাছিল যে সেই মুহূৰ্তত মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মাক বাসন্তী ওকাই শেষ নিশ্বাস ত্যাগ কৰিছে।

সেইদিনা সন্ধিয়া ন্যায়াধীশৰ ওচৰ পালেহি বেয়া খবৰটো। লগে লগে তেওঁ  মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু তেওঁৰ সতীৰ্থ ন্যায়াধীশসকলক জনাই মুম্বাইলৈ ৰাওনা হয়। বৃহস্পতিবাৰে বিয়লি থানেত মাতৃৰ শেষ ৰীতি-নীতি পালন কৰে।

ভাৰতীয় সংস্কৃতিত অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য মৃত্যুৰ পিছৰ কাম-কাজ কোনো ঘনিষ্ঠ আত্মীয়ৰ মৃত্যুৰ পিছত কেইবাদিনো চলি থাকে। কিন্তু ন্যায়াধীশ ওকাৰ কান্ধত আন এক গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। শুনানি সম্পূৰ্ণ কৰা গোচৰসমূহৰ ৰায়দান বৃহস্পতিবাৰে দিয়াৰ কথা আছিল।

উচ্চতম ন্যায়ালয়ৰ এক সূত্ৰ অনুসৰি ন্যায়াধীশ ওকাই সিদ্ধান্ত লৈছে যে শুকুৰবাৰে (২৪ মে’) যিটো তেওঁৰ শেষ কৰ্মদিন, তেওঁ আদালতলৈ আহি বাকী ৰায়দানৰ লগতে কেইটামান গোচৰৰ শুনানিও ল’ব।

উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কয় যে, “এই প্ৰতিষ্ঠান (আদালত)ৰ প্ৰতি ন্যায়াধীশ ওকাৰ গভীৰ দায়বদ্ধতা আছে।”

প্ৰসংগক্ৰমে যোৱা দেওবাৰে তেওঁ মুম্বাইত মুখ্য ন্যায়াধীশ গাভাইৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈছিল। সেইদিনা শেষবাৰৰ বাবে মাকক লগ পাইছিল।

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ত এডভোকেটছ অন ৰেকৰ্ড এছ’চিয়েশ্যনৰ সভাপতি বিপিন নায়াৰৰ উদ্যোগত ন্যায়াধীশ ওকাৰ বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয়। বিপিন নায়াৰে কয়, ‘জাষ্টিছ ওকাৰ দৰে ন্যায়াধীশ এজন প্ৰজন্মত এবাৰেই আহে। তেওঁৰ নাম ‘অভয়’ যাৰ অৰ্থ নিৰ্ভীক। তেওঁ সঁচাকৈয়ে সাহস, চৰিত্ৰ আৰু নিৰ্ভীকতাৰ প্ৰতিমূৰ্তি। এই গুণবোৰ তেওঁৰ প্ৰতিটো ৰায়তে প্ৰতিফলিত হয়।

তেওঁ লগতে কয়, “ইমান ডাঙৰ ব্যক্তিগত দুখৰ মাজতো ন্যায়াধীশ ওকাই আজি ৰাতি উচ্চতম ন্যায়ালয়লৈ উভতি আহিব আৰু জীৱনৰ শেষ কৰ্মদিনটোত বেঞ্চত বহিব। এই জাতিটোৰ অন্যতম শ্ৰেষ্ঠ ন্যায়াধীশ এজনৰ সৈতে সময় কটোৱাৰ সুযোগ পাই আমি সৌভাগ্যৱান।”

অভয় ওকাই থানে জিলা আদালতৰ পিতৃৰ চেম্বাৰত আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০০৫ চনৰ নৱেম্বৰ মাহত স্থায়ী ন্যায়াধীশৰ মৰ্যাদালৈ উন্নীত হয়।

২০১৯ চনৰ মে’ মাহত তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০২১ চনৰ আগষ্ট মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

কোৱা বাহুল্য যে অভয় ওকা এজন উচ্চ অনুশাসিত, দায়িত্বশীল আৰু নীতিবান ন্যায়াধীশ হিচাপে দেশৰ ন্যায়িক ব্যৱস্থাত এক উজ্জ্বল নিদৰ্শন হৈ থাকিব।

Related News