ইলেকট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা বৰঙণিৰ বিশদ তথ্য দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Ranjan-Gogoi-Deepak-Gupta-and-Sanjiv-Khanna

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সকলোবোৰ ৰাজনৈতিক দলকে তেওঁলোকে ইলেকট’ৰেল বণ্ডৰ জৰিয়তে গ্ৰহণ কৰা বৰঙণিৰ বিশদ তথ্য ভাৰতৰ নিৰ্বাচন আয়োগক দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে।

এই তথ্যসমূহ বন্ধ খামত অহা ৩০ মে’ৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। তদুপৰি, ৰাজনৈতিক দলবোৰে এতিয়ালৈকে গ্ৰহণ কৰা বৰঙণিৰ সকলো তথ্য দাতাৰ সবিশেষ, বেংক একাউন্ট আৰু আনুষংগিক নথিৰ সৈতে দাখিল কৰিব লাগিব।

এছোচিয়েশ্যন অফ ডেম’ক্ৰেটিক ৰিফ’ৰ্মছে দাখিল কৰা এখন আবেদনৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপক গুপ্তাক লৈ গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

তিনিখন আইন ক্ৰমে ইনকম টেক্স আইন, আৰ বি আই আইন আৰু ৰিপ্ৰেজেন্টেশ্যন অফ পিপল আইনৰ সংশোধনীৰ দ্বাৰা ফাইনেন্স এক্ট ২০১৭ৰ জৰিয়তে ইলেকট’ৰেল বণ্ডৰ শুভাৰম্ভ কৰা হৈছিল।

আবেদনখনত ফাইনেন্স এক্ট ২০১৭ আৰু ফাইনেন্স এক্ট ২০১৬ৰ জৰিয়তে পাঁচটা প্ৰধান সংশোধনী অনাৰো অভিযোগ কৰা হৈছে।

আবেদনকাৰীয়ে লগতে কোম্পানী এক্টৰ ১৮২ ধাৰাৰ সংশোধনীকো প্ৰত্যাহ্বান জনায়। ইয়াৰ জৰিয়তে ৰাজনৈতিক দলবোৰক কোম্পানীসমূহে দিয়া বৰঙণিৰ ওপৰত এটা আৱৰণ আগবঢ়োৱা হৈছিল।

আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে আদালতত দাখিল কৰে যে এখন ইলেকট’ৰেল বণ্ড এখন প্ৰতিশ্ৰুতি পত্ৰৰ দৰে য’ত নেকি দাতাৰ নাম চুক্তিত নাথাকে। বণ্ডৰ ক্ৰেতাগৰাকী, দাতাজন প্ৰচ্ছন্ন হৈয়ে থাকে আৰু তেওঁলোকৰ সৱিশেষ নিৰ্বাচন আয়োগ বা আয়কৰ কৰ্তৃপক্ষৰ আগত প্ৰকাশ কৰাটো বাধ্যতামূলক নহয়।

আবেদনকাৰীয়ে লগতে আদালতক সামগ্ৰিকভাৱে এই আঁচনিখনৰ আইনগত বৈধতা সন্দৰ্ভত আদালতে সিদ্ধান্ত নোলোৱালৈকে অজ্ঞাত ইলেকট’ৰেল বণ্ড বিক্ৰীত অন্তৰ্ৱতীকালীন স্থগিতাদেশৰ বাবে অনুৰোধ জনাইছিল।

ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে আদালতক জনায় যে তেওঁলোকে যদিও ইলেকট’ৰেল বণ্ডৰ আঁচনিখনৰ বিৰোধিতা নকৰে, কিন্তু ইয়াৰ গোপনীয়তাৰ সপক্ষে নাই। নিৰ্বাচন আয়োগে এই আঁচনিখনৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত বিদেশী পুঁজিৰ প্ৰৱেশৰ শংকা কৰে আৰু ইয়ে ভাৰতীয় ৰাজনীতিৰ ওপৰত বিদেশী কোম্পানীৰ প্ৰভাৱৰ বাট মুকলি কৰাৰো আশংকা ব্যক্ত কৰে।

আনহাতে, কেন্দ্ৰই অৱশ্যে ভাৰতীয় ৰাজনীতিত ক’লা ধনৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে আঁচনিখন লোৱা বুলি সদৰী কৰে। ভাৰতৰ এটৰ্ণি জেনেৰেল কে কে ভেনুগোপালে চৰকাৰে ব্যৱস্থাটোৰ জৰিয়তে বণ্ড ক্ৰয়কাৰীৰ ব্যক্তিগত অধিকাৰ বজাই ৰাখি হিচাপ পত্ৰবোৰ মুকলি কৰি ৰাখিব লাগে। বণ্ড ক্ৰয়কাৰীৰ পৰিচয় প্ৰকাশ নকৰাটো গুৰুত্বপূৰ্ণ কিয়নো এগৰাকী ব্যক্তিয়ে কোনো দলক বৰঙণি নিদিয়াৰ পাছত ক্ষমতালৈ আহিলে ব্যক্তিজন ক্ষতিগ্ৰস্ত হ’ব পাৰে।