কামৰূপ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২৯.৮১ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ

index.jpga

অসম চৰকাৰৰ পৰিবহন বিভাগৰ আমিনগাঁওস্থিত কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০২০ – ২১ বিত্তীয় বর্ষত ২৯,৮১,০২,৬৫৪.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষত কোভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে।

কিয়নো কোভিডৰ বাবে ২০২০-২১ বর্ষৰ প্ৰথম ছয়টা মাহত পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছিল। কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই সদৰি কৰা অনুসৰি তৎস্বত্তেও কাৰ্যালয়ৰ যান বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদর্শক আৰুসমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কোভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে ২৯.৮১ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে।

সমান্তৰালভাৱে ৰাজ্যৰ পৰিবহন আয়ুক্তই ৩১ মাৰ্চৰ ভিতৰত পথ কৰকে ধৰি যাৱতীয় বকেয়া কৰ আদায় দিবলৈ মাৰ্চ মাহত বাতৰি কাকতৰ জৰিয়তে যান বাহনৰ গৰাকী সকলক আহ্বান জনাইছিল। কৰ আদায় নিদিলে পহিলা এপ্ৰিলৰ পাছত পথত কৰ আদায় নিদিয়া বাহনৰ পৰা জৰিমনা বিহা হ’ব বুলিও পৰিবহন আয়ুক্তই স্পষ্টভাবে উল্লেখ কৰিছিল।

তেনেদৰে পৰিবহন আয়ুক্তৰ নিৰ্দেশনা অনুসৰি জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ৰাজপথত মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৩১ মাৰ্চলৈ কৰ আদায় দিয়া সন্দৰ্ভত সজাগতা অভিযান চলোৱা হৈছিল। অভিযানত যান বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদর্শক, সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰসকলে ভাগ লৈছিল।

তেনেদৰে ৰাজহ ফাঁকিৰ সুৰুঙা ৰোধ কৰি কাম-কাজত স্বচ্ছতা অনাৰ ফলত ৰাজহ সংগ্ৰহ আশা কৰা ধৰণে হৈছে। পৰিবহন আয়ুক্তৰ আহ্বানক সন্মান জনাই যান বাহনৰ বহুগৰাকীয়ে বকেয়া কৰ আদায় দিয়া বাবে কেৱল মাৰ্চ মাহত অভিলেখ পৰিমাণৰ ৫,৩৬,৭৭,৪৮২.০০ টকাৰ ৰাজহ সংগ্ৰহ হৈছে। আনকি বিত্তীয় বর্ষৰ সামৰণিৰ দিনা অৰ্থাৎ ৩১ মাৰ্চৰ দিনটোত ৪২,১৮,৭০৫.০০ টকাৰ ৰাজহ সংগ্ৰহ হৈছে বুলি জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই জানিবলৈ দিছে।

অৱশ্যে বিগত বৰ্ষত ২৪ মাৰ্চত কোভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূৰ্বে বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষই কামৰূপ জিলাৰ বাবে ৪০.৭১ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। কিন্ত কোভিডৰ বাবে ২০২০-২১ বিত্তীয় বর্ষৰ প্ৰথম ছয়মাহ দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন খণ্ডটো বহুখিনি ক্ষতিগ্ৰস্ত হোৱাত লক্ষ্যত উপনীত হ’ব পৰা নগ’ল।

উল্লেখযোগ্য যে বিগত ২০২০ বর্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ৰূপজ্যোতি কলিতাই ৰাজহ বৃদ্ধিৰ বাবে তৎপৰ ব্যৱস্থা হাতত লৈছিল। যাৰবাবে বিগত ২০১৯ -২০ বৰ্ষৰ ডিচেম্বৰ-মাৰ্চ এই চাৰি মাহৰ তুলনাত সামৰণি পৰা ২০২০-২১ বর্ষৰ ডিচেম্বৰ-মাৰ্চ এই চাৰিমাহত ৬০ লাখতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ হৈছে।