NORTHEAST NOW (Assamese)

শক্তিকান্তৰ বিদায়, ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হ’ল সঞ্জয় মালহোত্ৰা

December 10, 2024 8:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 10, 2024 8:41 am
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা। ফটোঃ সংগ্ৰহীত।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হ’ল সঞ্জয় মালহোত্ৰা। ইয়াৰ আগতে তেওঁ ৰাজহ বিভাগৰ সচিবৰ দায়িত্বত আছিল। সোমবাৰে কেন্দ্ৰই এক বিবৃতিত কয় যে বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকৰ ২৬ নং গৱৰ্ণৰে দায়িত্ব গ্ৰহণ কৰিব। আগন্তুক তিনিবছৰলৈ তেওঁ এই কৰ্তব্য পালন কৰিব।

১৯৯০ বেচৰ ৰাজস্থান কেডাৰৰ আই এ এছ সঞ্জয় মালহোত্ৰা। আই আই টি কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক। আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ‘পাব্লিক পলিচি’ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে মালহোত্ৰাই।

বিগত ৩৩ বছৰত তেওঁ শক্তি, বিত্ত, আয়কৰ, তথ্য আৰু প্ৰযুক্তি, খনি আদি গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ত প্ৰশাসনিক শীৰ্ষ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰাজহ বিভাগৰ সচিব হোৱাৰ পূৰ্বে তেওঁ বিত্তীয় সেৱা বিভাগৰ সচিব আছিল।

উল্লেখ্য যে ২০১৮ চনৰ ১২ ডিচেম্বৰত শক্তিকান্ত দাসে ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। মঙলবাৰে তেওঁ আৰ বি আইৰ গৱৰ্ণৰৰ কাৰ্যকাল শেষ কৰিব। ইয়াৰ এদিন পিছতে বৃহস্পতিবাৰে দায়িত্ব ল’ব আৰ বি আইৰ ২৬ সংখ্যক ৰাজ্যপাল সঞ্জয় মালহোত্ৰাই।

Related News