স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবৰ দ্বাৰা শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ কাম-কাজৰ পৰ্যালোচনা

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সম্পৰ্কীয় পৰ্যালোচনা বৈঠক

শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত এক সভাত  স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ বিভিন্ন কাম-কাজৰ পয্যালোচনা কৰে।

উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত পৰ্য্যালোচনা সভাত আয়ুক্ত সচিব গৰাকীয়ে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগ সমূহক সু-সমন্বয় ৰক্ষা কৰি এক শক্তিশালী কাৰ্যপন্থাৰ মাধ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে এই সন্দৰ্ভত প্ৰতিৰোধমূলক ব্যৱস্থাৱলী ক্ষীপ্ৰতাৰে আৰু বহুলভাৱে গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

সভাত জিলা উপায়ুক্তই আয়ুক্ত সচিব গৰাকীক জাপানীজ এনকেফেলাইটিছ আৰু অন্যান্য একিউট এনকেফেলাইটিছ লক্ষ্যণ প্ৰতিৰোধ সন্দৰ্ভত জিলাখনত চলি থকা টাস্ক ফৰ্চৰ বিভিন্ন কাম-কাজ যেনে এনে ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা শিশু আৰু প্ৰাপ্তবয়স্ক সকলৰ ভেকচিনিনেছন ব্যৱস্থা, ধোঁৱা দিয়া, আঁঠুৱা ঔষধীকৰণ কৰা, এই ৰোগ চিনাক্তকৰণৰ বাবে গ্ৰহণ কৰা পৰীক্ষাৰ ব্যৱস্থা, ৰোগীক প্ৰদান কৰা চিকিৎসামূলক ব্যৱস্থা, এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত চলোৱা সজাগতা অভিযান ইত্যাদি সম্পৰ্কে বিতংভাৱে অৱগত কৰে।

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰীয়ে এক পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ মাধ্যমেৰে ২০১৪ চনৰ পৰা ২০১৯ চনলৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত একিউট এনকেফেলাইটিছ চিন্দ্ৰম আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ স্থিতি সম্পৰ্কীয় এক প্ৰতিবেদন উপস্থাপন কৰে। প্ৰতিবেদনত ২০১৪ চনত ১২৮ গৰাকী একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ ৰোগী চিনাক্তকৰণ আৰু ৬৪ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্তকৰণৰ বিপৰীতে ২০১৯ চনত ৩৪ গৰাকী একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ ৰোগী চিনাক্তকৰণ আৰু ১৬ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্তকৰণ কৰা হৈছে বুলি উল্লেখ কৰা হয়।

চলিত বৰ্ষত এগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগীৰ জিলাখনত মৃত্যু হৈছে। প্ৰতিবেদনত এই ৰোগৰ প্রতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়েও পৰামৰ্শ আগবঢ়োৱা হয়।

পৰ্য্যালোচনা কালত আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে জিলা প্ৰশাসন আৰু টাক্স ফৰ্চৰ দ্বাৰা জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তোষ প্ৰকাশ কৰে। তেওঁ এই ৰোগক লৈ ৰাইজৰ মাজত যাতে কোনো ধৰণৰ ভয় বা ত্ৰাসৰ সৃষ্টি নহয় এই বিষয়ে সংশ্লিষ্ট সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু বহুলভাৱে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

সভাত অন্যান্য সকলৰ লগতে জিলাখনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙো উপস্থিত থাকে।