‘আমি চিৰকাল একাত্ম’ : ১ মাহৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু ক’লে সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীয়ে ?

image.jpgkkkk

সুশান্ত সি ৰাজপুতৰ আত্মহত্যাৰ আজি এমাহ সম্পূৰ্ণ হৈছে।

আজি সুশান্ত সিং ৰাজপুতৰ এই ত্ৰিশটা দিনৰ অবৰ্তমানৰ কথা সুৱৰিছে চৰ্চিত প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তীয়ে।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আজি এমাহ সম্পূৰ্ণ হোৱাৰ পৰত ৰীয়াই সামাজিক মাধ্যম ইনষ্টাগ্ৰামত দুয়োৰে সুখৰ মুহূৰ্তৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখিছে, “এতিয়াও মানি ল’বলৈ চেষ্টা কৰি আছো। সমগ্ৰ বুকুজুৰি কেৱল মাত্ৰ শূন্যতা। তুমি মোক ভালপাবলৈ শিকাইছিলা সুশান্ত। ভালপোৱা কি সেয়াও শিকাইছিল।”

অতি আৱেগবিধুৰ হৈ ৰীয়াই আৰু লিখিছে, “জোন, তৰা আৰু এই সুবিশাল মহাকাশে….তোমাক দুহাত মেলি আকোৱালি লৈছে চাগে। তাত চাগে তুমি খুব শান্তিৰে আছা….আজি মনত পৰিছে জানা, চিকমিক তৰা, যাৰ নিজা কোনো পোহৰ নাই…তথাপিও মাত্ৰ নিজৰ আনন্দৰ বাবে আনক আলোকিত কৰি তোলাৰ ক্ষমতা আছে তোমাৰ। আজি তুমি চিকমিক তৰা, মোৰ তৰা। যি তৰাৰ বাবে মই ৰৈ থাকিবলৈ প্ৰস্তুত….আজীৱন….।”

উল্লেখ্য যে সুশান্তৰ আত্মহত্যাৰ পিছৰে পৰা সামাজিক মাধ্যমত অসংখ্য লোকে ৰীয়া চক্ৰৱৰ্তীক ট্ৰোল কৰাৰ লগতে সমালোচনা কৰিছে।

২৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে স্মৃতিচাৰণ কৰি আৰু লিখিছে, “তুমি দেখুৱাই দিছিলা আমাৰ ভালপোৱা সঁচাকৈয়ে পৃথক….একেবাৰে ব্যতিক্ৰম….।”

“শান্তিৰে থাকা সুশি, ৩০ দিন হ’ল তুমি নাই। কিন্তু গোটেই জীৱন এই ভালপোৱা থাকি যাব। আমি যে জন্ম জন্মাতৰ বাবে এক হৈ গৈছো। এই ভালপোৱাৰ কোনো দিন শেষ নাই! চিৰকাল একাত্ম, অসীম, সীমাহীন।”

উল্লেখ্য যে, যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত ফ্লেটত আত্মহত্যা কৰিছিল বলিউদৰ প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতে।