NORTHEAST NOW (Assamese)

মাতৃ দিৱস উপলক্ষে ৰিয়া চক্ৰৱৰ্তীয়ে মনত পেলালে সৰুতে তেওঁক মাকে কি উপদেশ দিছিল, চাওক!

May 9, 2021 3:40 pm · এন ই নাও নিউজ

মাতৃ দিৱস উপলক্ষে ইনষ্টাগ্ৰামত এটা স্পৰ্শকাতৰ প’ষ্ট কৰিছে বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে।

দেওবাৰে ৰিয়াই প’ষ্টটোত তেওঁৰ মাতৃ আৰু তেওঁৰ এখন সৰুকালৰ ফটো শ্বেয়াৰ কৰিছে।

ফটোখনৰ স’তে তেওঁৰ মাতৃয়ে তেওঁক জীৱনত সুখী হ’বলৈ সৰুতে কি উপদেশ প্ৰদান কৰিছিল সেই কথা উল্লেখ কৰিছে।

 

View this post on Instagram

 

A post shared by Rhea Chakraborty (@rhea_chakraborty)

তেওঁ লিখিছে- ”মোৰ ধুনীয়া মাজনী! মোৰ মনত আছে মই সৰু থাকোতে তুমি কৈছিলা- ‘সুখ তোমাৰ ভিতৰতে আছে, বাহিৰত বিচাৰি নাযাবা, তোমাৰ হৃদয়ত প্ৰেম লাভ কৰা আৰু চিৰদিনৰ বাবে তুমি এগৰাকী সুখী ছোৱালী হ’বা!’

প’ষ্টটোৰ দ্বাৰা ৰিয়াই সকলো মাতৃলৈ মাতৃ দিৱসৰ শুভকামনা জনাইছে।

উল্লেখযোগ্য যে যোৱা বৰ্ষত ৰিয়াৰ বয়ফ্ৰেণ্ড সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৰ পাছতে অভিনেত্ৰীগৰাকী বিতৰ্কত সাঙোৰ খাই পৰিছিল।

তদুপৰি নিচাযুক্ত দ্ৰব্য লগত ৰখাৰ অভিযোগত নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰোৱে গ্ৰেপ্তাৰো কৰিছিল।

তাৰপাছৰে পৰা সামাজিক মাধ্যমত ৰিয়াই খুব কমকৈ প’ষ্ট কৰি আহিছে।

Related News