বিহালীৰ বৰাজুলিত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত গঞা

বিহালীৰ বটিয়ামাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰাজুলিত গঁড়ৰ মুক্ত বিচৰণ ৷

বুৰৈ পথাৰত পুৱাই গড়টো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহিছে গঁড়টো।

ইয়াৰ উপৰিও ৰাংছালী বিহালী ৰৌমাৰী আৰু বটিয়ামাৰীকে আদি কৰি এই অঞ্চল সমূহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বিভিন্ন বনৰীয়া জীৱ- জন্তু সমূহে এক প্ৰকাৰৰ সন্ত্ৰাস চলায় আহিছে।

বনৰীয়া হাতী বাঘ, গাহৰি আৰু শেহতীয়া কৈ গঁড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ।

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়টো বৰ্তমান দাঁতি-কাষৰীয়া অঞ্চলতে অৱস্থান কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে চৰকাৰ, বন বিভাগ তথা প্ৰশাসনক অতি সোনকালেই বনৰীয়া জীৱ জন্তুৰ এই সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।